ছিকিমত ভূমিস্খলনৰ ফলত পঞ্চায়তৰ সভাপতিৰ মৃত্যু, এতিয়ালৈকে ৫জন লোকৰ প্ৰাণহানি
গেংটক, ১৪ ছেপ্টেম্বৰ (হি.স.)। ছিকিমৰ গেজিং জিলাৰ ১৯-চৰদং লুংজিক গ্ৰাম পঞ্চায়তৰ পঞ্চায়ত সভাপতি ৰাজেন গুৰুঙৰ ভূমিস্খলনত আবদ্ধ হৈ মৃত্যু হয়। শনিবাৰে গভীৰ নিশালৈকে চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ অন্তত মৃত গুৰুঙৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শন
पञ्चायत अध्यक्ष राजेन गुरुङ


গেংটক, ১৪ ছেপ্টেম্বৰ (হি.স.)। ছিকিমৰ গেজিং জিলাৰ ১৯-চৰদং লুংজিক গ্ৰাম পঞ্চায়তৰ পঞ্চায়ত সভাপতি ৰাজেন গুৰুঙৰ ভূমিস্খলনত আবদ্ধ হৈ মৃত্যু হয়। শনিবাৰে গভীৰ নিশালৈকে চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ অন্তত মৃত গুৰুঙৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শনিবাৰে গভীৰ নিশা উচ্চ চৰ্দংৰ লামা গাঁৱৰ ৱাৰ্ডত ভূমিস্খলনত আবদ্ধ হৈ ১৯-চৰদং লুংজিক গ্ৰাম পঞ্চায়তৰ পঞ্চায়ত সভাপতি ৰাজেন গুৰুঙৰ মৃত্যু হয়। মৃতকৰ ঘৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। তথ্য লাভ কৰাৰ পিছত স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ প্ৰচেষ্টাত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰচণ্ড বৰষুণৰ মাজত সাহায্য আৰু উদ্ধাৰ অভিযান যথেষ্ট প্ৰত্যাহ্বানজনক আছিল।

পঞ্চায়তৰ সভাপতি ৰাজেন গুৰুঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে। দেওবাৰে পুৱা ছ’চিয়েল মিডিয়াত পঞ্চায়তৰ সভাপতি ৰাজেন গুৰুঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে প্ৰয়াত গুৰুঙে নিজৰ সমাজৰ প্ৰতি কৰা নিস্বাৰ্থ সেৱা আৰু জনসাধাৰণৰ প্ৰতি তেওঁৰ অক্লান্ত অৱদান গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে স্মৰণীয় হৈ থাকিব।

উল্লেখযোগ্য যে ছিকিমত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বহু লোকৰ প্ৰাণ আৰু সা-সম্পত্তিৰ ক্ষতি হৈছে। বিশেষকৈ পশ্চিম ছিকিমত ভূমিস্খলনৰ ফলত এতিয়ালৈকে ৫জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ১১ ছেপ্টেম্বৰৰ নিশা পশ্চিম ছিকিমৰ আপাৰ ৰিম্বিকত সংঘটিত ভূমিস্খলনত ৩ জন লোকৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে ১০ ছেপ্টেম্বৰৰ পুৱা পশ্চিম ছিকিমৰ থাংছিঙত এগৰাকী মহিলাৰ ভূমিস্খলনত মৃত্যু হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande