নতুন দিল্লী, ০৪ ফেব্ৰুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে লোকসভাত দেশৰ ৰাজহৰ সুবিধা আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আঁচনি আৰু কাম-কাজৰ বাবে দৰিদ্ৰ লোকৰ লাভৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে ৰাজীৱ গান্ধীৰ দিনত ১টাৰ ভিতৰত মাত্ৰ ১৫ পইচাহে জনসাধাৰণৰ মাজলৈ গৈছিল যদিও এতিয়া তেওঁৰ চৰকাৰত দুখীয়াই নিজৰ অধিকাৰ লাভ কৰিছে। তেওঁ কয় যে তেওঁৰ চৰকাৰে ভুৱা শ্লোগান নহয়, দৰিদ্ৰ লোকক প্ৰকৃত উন্নয়ন দিছে।
প্ৰধানমন্ত্ৰীয়ে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত হোৱা চৰ্চাৰ উত্তৰ দি বিৰোধী নেতা ৰাহুল গান্ধীয়ে জাতিগত বিষয় উত্থাপন কৰাৰ বাবেও প্ৰত্যুত্তৰ দিয়ে আৰু দেশৰ ঐক্য বজাই ৰাখি তেওঁৰ চৰকাৰে কেনেদৰে সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰি আছে সেই কথাও ব্যাখ্যা কৰে। তেওঁৰ চৰকাৰে সংবিধানৰ মনোভাৱেৰে কাম কৰে আৰু তেওঁৰ দলে বিষাক্ত ৰাজনীতিত লিপ্ত নহয়। তেওঁ কয় যে দেশৰ ঐক্য আমাৰ বাবে সৰ্বোচ্চ। সেইবাবেই আমি একতাৰ প্ৰতিমূৰ্তি (ষ্টেচু অৱ ইউনিটি) নিৰ্মাণ কৰিছো।
মোদীয়ে তেওঁৰ চৰকাৰে অ’বিচি আয়োগক সাংবিধানিক মৰ্যাদা দিয়াৰ কথাও উল্লেখ কৰে আৰু কয় যে আজি যিসকলে জাতিবাদৰ ৰাগ আওৰাইছে সেই সকলে সেই সময়ত অ’বিচিৰ কথা মনত পৰা নাছিল।
২০১৪ বৰ্ষৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো স্বীকৃতিপ্ৰাপ্ত বিৰোধী নথকা সত্ত্বেও সংবিধানৰ মনোভাৱ বজাই ৰাখি বহু গুৰুত্বপূৰ্ণ সমিতিৰ বিৰোধী দলপতিৰ সৈতে জড়িত বাধ্যবাধকতা আঁতৰাই দিয়া হৈছে। তেওঁ কয় যে পূৰ্বে নিৰ্বাচন আয়োগত নিযুক্তিসমূহ কেৱল প্ৰধানমন্ত্ৰীয়ে নিজৰ পৰ্য্যায়তহে দিছিল যদিও তেওঁৰ চৰকাৰে আয়োগৰ নিযুক্তি প্ৰক্ৰিয়াত বিৰোধী নেতাকো অন্তৰ্ভুক্ত কৰিছে। মোদীয়ে কয় যে তেওঁৰ চৰকাৰে সদায় আঁচনিসমূহৰ ১০০ শতাংশ সুবিধা হিতাধিকাৰীৰ মাজলৈ যাবলৈ চেষ্টা কৰি আহিছে, যদিও পূৰ্বৰ চৰকাৰসমূহৰ আৰ্হি আছিল তুষ্টিকৰণৰ ৰাজনীতি। দেশৰ উন্নয়নৰ বাবে আমি তুষ্টিকৰণৰ পৰা মুক্তি পাব লাগিব আৰু ইয়াৰ বাবে আমি সন্তুষ্টিকৰণৰ পথ বাছি লৈছো। প্ৰতিখন সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহে নিজৰ অধিকাৰ লাভ কৰা উচিত।
এই সুযোগতে তেওঁ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ বক্তব্যক লক্ষ্য কৰি কয় যে এগৰাকী মহিলা ৰাষ্ট্ৰপতিক সন্মান কৰা নহয়। এয়া ৰাজনৈতিক হতাশাৰ ফল। তেওঁ সদনত বহি থকা গান্ধী পৰিয়ালৰ তিনিজন সদস্য - ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীক পৰোক্ষভাৱে উপহাস কৰে আৰু তেওঁ প্ৰশ্ন কৰে যে কেতিয়াবা একে সময়তে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি পৰিয়ালৰ তিনিজন সংসদ সদস্য হৈছে নেকি?
প্ৰধানমন্ত্ৰীয়ে ৰাহুল গান্ধীক বৈদেশিক নীতি সন্দৰ্ভত কথা কোৱাৰ বাবেও সমালোচনা কৰি কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰুৰ কাৰ্যকালত বৈদেশিক নীতিৰ অৱস্থাৰ বিষয়ে বৰ্ণনা কৰা ‘জে এফ চি ফৰগটেন ক্ৰাইচিছ’ শীৰ্ষক গ্ৰন্থখন পঢ়িব লাগে। জম্মু-কাশ্মীৰ আৰু লাডাখৰ কথাও উল্লেখ কৰি তেওঁ কয় যে ৭ দশক ধৰি তাত থকা জনসাধাৰণক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ বাবে কাম কৰি আছে যদিও একাংশ দলে প্ৰতিশ্ৰুতি দিয়ে যদিও সেইবোৰ পূৰণ নকৰে। এই পৰিপ্ৰেক্ষিতত তেওঁ দিল্লীৰ আম আদমী পাৰ্টি চৰকাৰকো লক্ষ্য কৰি কয় যে এই দলটো যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ ওপৰত ‘আপ-দ’ৰ দৰে পৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আগতে বাতৰি কাকতৰ শিৰোনামবোৰ কেলেংকাৰীৰ সৈতে জড়িত আছিল যদিও এতিয়া লাখ লাখ কোটি টকা সঞ্চয় হৈ আছে আৰু এই ধনেৰে ‘শ্বীশ মহল’ নিৰ্মাণ কৰা হোৱা নাই।
প্ৰধানমন্ত্ৰীয়ে বাজেটৰ সৈতে জড়িত আঁচনিসমূহৰ কথাও উল্লেখ কৰে । তেওঁ কয় যে ২০১৪ চনলৈকে ২ লাখ টকা পৰ্যন্ত আয় কৰমুক্ত আছিল যদিও আজি ১২ লাখ টকা পৰ্যন্ত আয় কৰমুক্ত। প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনৰ কথাও উল্লেখ কৰে য’ত দেখা গৈছে যে বিশুদ্ধ টেপৰ পানী উপলব্ধ হোৱাৰ বাবে স্বাস্থ্যসেৱাৰ বাবে মানুহৰ ব্যয় গড়ে ৪০ হাজাৰ টকা হ্ৰাস পাইছে। তেওঁ বিশ্ব কৰ্কট দিৱসত লেন্সেট জাৰ্নেলৰ এক প্ৰতিবেদনৰ কথাও উল্লেখ কৰে য’ত কোৱা হৈছে যে আয়ুষ্মান যোজনাৰ বাবে দৰিদ্ৰ পৰিয়ালসমূহে কৰ্কট ৰোগৰ তাৎক্ষণিক চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া