শোণিতপুৰ, ১৪ ছেপ্টেম্বৰ (হি.স.)। তেজপুৰৰ নিকামূলত অৱস্থিত তথা ২০১৫ চনৰ প্ৰতিষ্ঠা লাভ কৰা কে.এন.কে স্কুল অব্ ফাইন আৰ্টৰ প্ৰতিষ্ঠা দিৱসটি তেজপুৰৰ পৰোৱা চাৰিআলিৰ গহন উদ্যানৰ প্ৰাংগনত যোৱাকালি অনুষ্ঠিত কৰা হয়। তেজপুৰৰ জ্যেষ্ঠ চিত্ৰশিল্পী হৰিনাৰায়ণ দাসে এগছি বন্তি প্ৰজ্জ্বলেনেৰে প্ৰতিষ্ঠা দিৱসটিৰ শুভাৰম্ভ কৰাৰ লগতে এটি সৰস্বতী বন্দনা পৰিবেশন কৰে কণ্ঠশিল্পী প্ৰনামী বৰঠাকুৰে।
বিদ্যালয়ৰ অধ্যক্ষা মনিমালা বৰাই ভাষন প্ৰসংগত বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ আঁৰৰ কিছু গুৰুত্ত্বপূৰ্ণ কথা প্ৰকাশ কৰাৰ লগতে বৰ্তমান সময়ত চিত্ৰ আৰু হস্তশিল্প ছাত্ৰ-ছাত্ৰীৰ বাবে কিমান গুৰুত্বপৃৰ্ণ তাৰ ওপৰত নিজৰ মতপ্ৰকাশ কৰে। উক্ত অনুষ্ঠানতে এখনি জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক ৰূপে ঢেকিয়াজুলিৰ চিত্ৰ আৰু বলুকাশিল্পী ৰঞ্জন শইকীয়া উপস্থিত থাকে। ২০২৪-২৫ বৰ্ষত ললিত কলা কেন্দ্ৰ গুৱাহাটীৰ পৰা অনুষ্ঠিত পৰীক্ষাত ৮০% শতাশৰ উদ্ধৰ্ত নম্বৰ লাভ কৰা বিদ্যালয়ৰ শিক্ষাৰ্থী ইশিতা তপ্ন, তেজশ বৰা আৰু নিহা গগৈক সম্বৰ্ধনা জনোৱা হয়।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন চিত্ৰকৰ্মশালাৰ আয়োজন কৰা হয়। উক্ত কৰ্মশালাত তেজপুৰৰ চিত্ৰশিল্পী হৰেশ্বৰ শইকীয়া, দশমুকুট কেওঁট, অলকা শৰ্মা, সৌমিত্ৰ দত্ত,ৰাজুমনি দাস, বাপধন কলিতা, তিলক বৈশ্য, ৰাজেশ চৰকাৰ, বিশ্বজিৎ বৰা, অংশুমান পাল আৰু কলিয়াবৰৰ আমন্ত্ৰিত চিত্ৰশিল্পী যোগিন্দ্ৰসিং কে প্ৰমুখ্য কৰি মুঠ ১১ জন শিল্পীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে ঐতিহ্য তেজপুৰ ৰ্শীষক বিষয়ৰ ওপৰত চিত্ৰ অংকন কৰি অনুষ্ঠানটি সফল কৰি তোলে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ