শোণিতপুৰ, ১৪ ছেপ্টেম্বৰ (হি.স.)।
শোণিতপুৰ জিলাৰ ঘোঁৰামাৰীস্থিত হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি হিন্দী দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে বিদ্যালয়খনিত এক আড়ম্বৰপূৰ্ণ সভা অনুুষ্ঠিত কৰা হয় ৷ দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ অধ্যক্ষা মিন্টু নাৰ্জাৰীয়ে ৷
বিদ্যালয়ৰ শিক্ষয়িত্ৰী সুস্বপ্না হাজৰিকাই আঁত ধৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক কমলা কান্ত বৰাই ৷ বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড° প্ৰবীন কোঁচ, বালিপাৰা শিক্ষাখণ্ডৰ সমল ব্যক্তি গায়ত্ৰী বেজবৰুৱা, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ময়ুৰ গগৈৰ লগতে আন কেবাগৰাকী গণ্যমান্য ব্যক্তিয়ে ৷ উক্ত অনুষ্ঠানত ছাত্ৰছাত্ৰী সকলে সমবেত ভক্তিমূলক গীত, দেশপ্ৰেমমূলক নৃত্য আদি সুন্দৰভাৱে পৰিবেশন কৰি স্বকীয় প্ৰতিভাৰ প্ৰদৰ্শন কৰাৰ উপৰিও বিদ্যালয়খনত প্ৰথম বাৰৰ বাবে হিন্দী ভাষাত এখনি হাতেলিখা আলোচনী প্ৰকাশ তথা উন্মোচন কৰা হয় ৷
শিক্ষয়িত্ৰী সুস্বপ্না হাজৰিকাৰ পৰিকল্পনাৰে প্ৰস্তুত হোৱা অভিব্যক্তি শীৰ্ষক আলোচনী খনৰ সম্পাদনা কৰে সীমা চাহু আৰু জন্নতুল ফিৰদ’জে ৷ বিশিষ্ট অতিথিৰ ভাষণ প্ৰসংগত হিন্দী বিষয় অধ্যয়নে ভবিষ্যতে শিক্ষাৰ্থী সকলক কিদৰে উপকৃত কৰিব তাৰ ওপৰত আলোকপাত কৰা হয় ৷ তদুপৰি সমল ব্যক্তি গায়ত্ৰী বেজবৰুৱাই অসমীয়া মাধ্যমৰ এখন বিদ্যালয়ত ছাত্ৰছাত্ৰী সকলৰ সৃজনীশীল প্ৰতিভাক বিকশিত কৰি হিন্দী ভাষাত হাতেলিখা আলোচনী প্ৰকাশ কৰাত আচৰ্য্য প্ৰকাশ কৰি বিদ্যালয়খনিৰ লগতে সুস্বপ্না হাজৰিকাৰ শলাগ লয় ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ