–শিক্ষাৰ্থীক অংকৰ সৈতে খেলাৰ কৌশল শিকালে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ড০ ভীম প্ৰসাদ শৰ্মাই
–গণিতৰ জৰিয়তে এজন ব্যক্তিয়ে প্ৰতিদিনৰ কাম ঠগ নোখোৱাকৈ কৰিব পাৰে -ড০ অৰুণ মহন্ত
শোণিতপুৰ, ১৪ ছেপ্টেম্বৰ (হি.স.)। অসম গণিত শিক্ষয়তন শোণিতপুৰ জিলা শাখাৰ প্ৰতিষ্ঠা দিৱস কালি ঢেঁকীয়াজুলি চাহ বাগিছাৰ আদৰ্শ বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱাই শাখাৰ পতাকা উত্তোলন কৰে শোণিতপুৰ জিলা শাখাৰ সভাপতি তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ ভীম প্ৰসাদ শৰ্মাই । ইয়াৰ পিছতেই ড০ ভীম প্ৰসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা অনামিকা গগৈয়ে । তেওঁ অসম গণিত শিক্ষায়তনৰ লক্ষ্য উদ্দেশ্য জনোৱাৰ লগতে অলিম্পিয়াদ পৰীক্ষাও ছাত্ৰ ছাত্ৰীৰ সকলৰ বাবে অনুষ্ঠিত কৰি আহিছে বুলি জনায়।
আদৰণি ভাষণত বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ দাসে অৱগত কৰে যে গণিত শিক্ষায়তনৰ আলোচনাৰ বিষয় সমূহে ছাত্ৰ ছাত্ৰী সকলৰ যথেষ্ঠ উপকৃত কৰিব আৰু অনাগত দিনবোৰত সহায়ক হব। প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা প্ৰদান কৰি ড০ অৰুণ মহন্তই গণিতৰ সহায়তে এজন ব্যক্তিয়ে প্ৰতিদিনৰ কামবোৰ ঠগন নোখোৱাকৈ নিয়াৰিকৈ কৰিব পাৰি বুলি জনাই আৰু গণিত পঢ়ি জীৱনত কিদৰে জীৱিকাৰ সন্ধান পাব পাৰি সেই বিষয়ে সবিশেষ অৱগত কৰে । ড০ ভীম প্ৰসাদ শৰ্মাই অংকৰ নম্বৰৰ লগত কিদৰে খেলিব পাৰে সেই বিষয়ে সবিশেষ আলোচনাৰ কৰে। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হেমন্তি তাঁতীয়ে এই আলোচনাৰ জৰিয়তে চাহ বাগান অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ যথেষ্ঠ উপকৃত হব আৰু জীৱনত সফলতাৰ দিশত আগুৱাই যাবলৈ সহায়ক হ’ব বুলি জনায়। সভাখনৰ আঁত ধৰে বিদ্যাল়য়খনৰ শিক্ষক ধ্ৰুৱজ্যোতি নাথে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ