–অসমীয়া গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত নৱ জাগৰণৰ সৃষ্টি কৰা দত্তক তেজপুৰত অকণিৰ সাহিত্য সভাৰ বিশেষ অনুষ্ঠানত প্ৰদান কৰা হ'ব এই বঁটা
শোণিতপুৰ, ১৪ ছেপ্টেম্বৰ (হি.স.)। হ্যাৰি পটাৰ আৰু যাদুকৰী পাথৰ শীৰ্ষক গ্ৰন্থৰ অনুবাদক, সঁফুৰা আৰু মৌচাক আলোচনীৰ নিয়মীয়া লেখক বিজয় কুমাৰ দত্তলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ অকণিৰ সাহিত্য সভাৰ অসমীয়া শিশু সাহিত্য বঁটা। উল্লেখ্য যে ১৯৭১ চনৰ পৰা ২০০৫ চন পৰ্যন্ত অসমৰ প্ৰকাশন জগতত ভিন্ন স্বাদ আৰু ন আঙ্গিকৰে মানবিশিষ্ট গ্ৰন্থ প্ৰকাশৰে অসমীয়া গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত নৱ জাগৰনৰ সৃষ্টি কৰা দত্তই শিশু সকলৰ বাবে শিলৰ চূৰুহা, মানবীয় মুখ আৰু অন্যান্য, এমুঠি বিদেশী সাধু, ভাৰতৰ হেৰাই যোৱা চহৰ, বাখৰৰ অভিযান দ্যা লায়ন কিংকে আদিকে ধৰি কুৰি খনৰো অধিক শিশু গ্ৰন্থ আৰু একমাত্ৰ কবিতা পুথি স্বপ্নৰ তেজাল ঘোৰা ৰচনা কৰি অসমীয়া সাহিত্যৰ ভড়াঁল চহকী কৰিছে।
উল্লেখযোগ্য কথা সাহিত্যিক হোমেন বৰগোহাঁঞি সম্পাদিত কিশোৰ আলোচনীৰো সহযোগী আছিল দত্ত । স্কুলীয়া শিক্ষাৰ্থীৰ বাবে তেওঁ সম্পাদনা কৰিছে ১১ খনকৈ গ্ৰন্থ । অমিতাভ চৌধুৰীৰ ছদ্মনামত বিশ্বৰ সৰ্বাধিক সমাদৃত শিশু সাহিত্যিক জে কে ৰাউলিং (J K Rowling) ৰ বিশ্ববিশ্ৰুত গ্ৰন্থ হেৰী পটাৰ এণ্ড দা ফিলোছপাৰ ষ্টোন (HARRY POTTER and the philosophers Stone) খনৰ অনুবাদ হ্যাৰি পটাৰ আৰু যাদুকৰী পাথৰ নামৰ গ্ৰন্থখন ২০১২ চনতে প্ৰকাশ পাইছিল ।
উল্লেখ্য যে অকণিৰ সাহিত্য সভাই ইয়াৰ আগতে অসমীয়া শিশু সাহিত্য বঁটা দিলীপ কুমাৰ বৰুৱা, শশীন্দ্ৰ কুমাৰ অধিকাৰী, বীণা শৰ্মা, যুগল লোচন দাস, নূপুৰ মোমাইদেউ, ৰঞ্জু হাজৰিকা, দ্বীজেন নাথ, ৰথীন্দ্ৰ নাথ গোস্বামী, অভিজিত শৰ্মা বৰুৱা, স্বাধীনতা মহন্ত, প্ৰভাত গোস্বামী, বৰ্ষ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা সুৰংগনা হাজৰিকা, মৃণাল কলিতা, সুৰেন্দ্ৰ মোহন দাস, ৰুবুল মাউত, দীপক কুমাৰ কলিতাক প্ৰদান কৰা হৈছিল। চলিত বৰ্ষৰ এই বঁটা এই বৰ্ষৰ শেষৰ ফালে তেজপুৰত অনুষ্ঠিতব্য অকণিৰ সাহিত্য সভাৰ এক বিশেষ অনুষ্ঠানত প্ৰদান কৰা হ'ব বুলি অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক দ্বীপজ্যোতি বৰাই এক প্ৰেছ বাৰ্তা যোগে জনাইছে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ