ৱাশ্বিংটন, ১২ ছেপ্টেম্বৰ (হি.স.)। কাটাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ আব্দুল ৰহমান আল থানী শুকুৰবাৰে ৱাশ্বিংটনত উপস্থিত হ’ব, য’ত তেওঁ আমেৰিকাৰ শীৰ্ষ বিষয়াসকলক সাক্ষাৎ কৰিব। শেহতীয়াকৈ ইজৰাইলে ডোহাত হামাছৰ নেতাসকলক লক্ষ্য কৰি লোৱাৰ সময়ত এই ভ্ৰমণ সংঘটিত হৈছে।
ইজৰাইলৰ চেনেল ১২ৰ প্ৰতিবেদন অনুসৰি আল থানীয়ে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স, বিদেশ সচিব মাৰ্কো ৰুবিঅ’ আৰু বিশেষ দূত ষ্টিভ উইটকফক সাক্ষাৎ কৰাৰ কথা। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকো লগ পোৱাৰ সম্ভাৱনা আছে।
এই ভ্ৰমণক ৱাশ্বিংটনে কাটাৰৰ সৈতে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বিচৰাৰ লক্ষণ হিচাপে দেখা গৈছে। কাটাৰৰ সৈতে নতুন নিৰাপত্তা চুক্তি গ্ৰহণ কৰিবলৈ এই সপ্তাহত ট্ৰাম্পে নিজৰ বিষয়াসকলক নিৰ্দেশ দিছিল।
ইতিমধ্যে কাটাৰত মেজৰ নন-নাটো মিত্ৰৰ মৰ্যাদা আছে। কিন্তু নতুন চুক্তিত আমেৰিকাই অতিৰিক্ত অস্ত্ৰ বিক্ৰী বা তাত অধিক সৈন্য নিয়োগ কৰাটো অন্তৰ্ভুক্ত হ’ব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া