কাঠমাণ্ডু (নেপাল), ১২ ছেপ্টেম্বৰ (হি.স.)। নেপাল আৰক্ষীয়ে পলায়ন কৰা কয়দী আৰু বন্দীসকলক তৎকালীনভাৱে ওচৰৰ নিৰাপত্তা কৰ্তৃপক্ষক খবৰ দিবলৈ আহ্বান জনাই দেশজোৰা আবেদন জনাইছে। আৰক্ষীয়ে সকলো কয়দী আৰু বন্দীক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। যোৱা ৮ আৰু ৯ ছেপ্টেম্বৰত জেন জি গোটৰ হিংসাত্মক সংঘৰ্ষ আৰু অগ্নিসংযোগৰ সময়ত সমগ্ৰ দেশতে কাৰাগাৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে প্ৰায় সাত হাজাৰ কয়দী।
দ্য ৰাইজিং নেপাল কাকতৰ বাতৰি অনুসৰি বৃহস্পতিবাৰে জাৰি কৰা ৰাজহুৱা জাননীৰ জৰিয়তে নেপাল আৰক্ষী মুখ্য কাৰ্যালয়ে কাৰাগাৰ আৰু আৰক্ষী কাৰ্যালয়ত ভাঙি-ছিঙি আৰু অগ্নিসংযোগৰ পিছত পলায়ন কৰা সকলো ব্যক্তিকে কোনো পলম নকৰাকৈ নিৰাপত্তা সংস্থাসমূহৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ আহ্বান জনায়।
এনে নকৰিলে অতিৰিক্ত আইনী পৰিণতি হ’ব পাৰে বুলি সকীয়াই দিয়া হৈছে। অৱশ্যে স্বেচ্ছাই আত্মসমৰ্পণ কৰাসকলক অধিক শাস্তিমূলক ব্যৱস্থাৰ পৰা ৰক্ষা কৰা হ’ব বুলি আৰক্ষীয়ে গুৰুত্ব আৰোপ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া