কুৱেটা (বেলুচিস্তান), ০৫ আগষ্ট (হি.স.)। পাকিস্তান সমৰ্থিত ভাড়াতীয়া সৈন্যই (ডেথ স্কোয়াড) সোমবাৰে নিশা কেচ জিলাৰ থিচিল টেমৰ টেলকান অঞ্চলৰ জাংগিয়ান বালোচৰ ঘৰত আক্ৰমণ কৰে। এই আক্ৰমণত এতিয়ালৈকে কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। ইয়াৰ পূৰ্বেও জাংগিয়ানৰ ঘৰত কেইবাবাৰো আক্ৰমণ সংঘটিত হৈছে।
দ্য বেলুচিস্তান পোষ্টৰ বেলুচি ভাষাৰ সংবাদ সেৱাৰ মতে, স্থানীয় এজন সংবাদদাতাই এই আক্ৰমণ নিশা সংঘটিত হোৱা বুলি জনাইছে যদিও কোনো ধৰণৰ হতাহতিৰ কোনো খবৰ পোৱা নাই। ইয়াৰ পূৰ্বেও কেইবাবাৰো জংগিয়ান বেলোচৰ ঘৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। বেলুচিস্তানত ডেথ স্কোয়াড আৰু পাকিস্তান সমৰ্থিত সংগঠনৰ বিৰুদ্ধে গুৰুতৰ মানৱ অধিকাৰ উলংঘাৰ অভিযোগ। এই অভিযোগসমূহৰ ভিতৰত আছে বলপূৰ্বক অপহৰণ, ন্যায় বহিৰ্ভূত হত্যা আৰু সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা।
এঘাৰ বছৰ ধৰি সন্ধানহীন হৈ আছে আমিৰ বখছ
ইফালে, দ্য বেলুচিস্তান পোষ্টৰ ইংৰাজী ভাষাৰ বাতৰি সেৱাৰ বাতৰি অনুসৰি এদশকৰো অধিক সময় ধৰি নিৰুদ্দেশ হৈ থকা আমিৰ বখছ বালোচৰ পৰিয়ালে সোমবাৰে কৰাচী প্ৰেছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰি ফেডাৰেল চৰকাৰক তেওঁৰ অৱস্থান প্ৰকাশ কৰিবলৈ আৰু কোনো অভিযোগ থাকিলে আদালতত হাজিৰ কৰিবলৈ আবেদন জনায়। এই সময়ত কেন্দ্ৰীয় বেলুচ যাকজেহতী সমিতিৰ নেতা ছামি দীন বালোচো উপস্থিত থাকে।
আমিৰ বাখছৰ কন্যা ছাদাফ বালোচে যোৱা ৪ আগষ্টত গ্ৱাদাৰৰ আম্বি বজাৰ কুলাঞ্চ অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে বলপূৰ্বকভাৱে পিতৃক লৈ যোৱা বুলি জানিবলৈ দিয়ে।এঘাৰ বছৰ পাৰ হৈ গ’ল। এতিয়াও তেওঁ ক’ত আছে বা জীয়াই আছে নে নাই সেয়া জনা নাযায়। সাদাফে কয় যে এয়া কেৱল এজন ব্যক্তিৰ অন্তৰ্ধান নহয়, ই সমগ্ৰ পৰিয়ালটোৰ অবিৰত দুখ-কষ্ট, মানসিক আঘাত আৰু সামাজিক মৃত্যু।
সাদাফ বালোচে কয় যে তেওঁ পিতৃক বিচাৰিবলৈ পৰিয়ালৰ সৈতে সকলো আইনী আৰু শান্তিপূৰ্ণ পথ গ্ৰহণ কৰিছে। সকলোৰে পৰা হতাশা লাভ কৰিছে পৰিয়ালটোৱে। ছাদাফে ফেডাৰেল চৰকাৰ, ন্যায়পালিকা, আইন প্ৰয়োগকাৰী সংস্থা আৰু মানৱ অধিকাৰ সংস্থাসমূহৰ ওচৰত আবেদন জনাই কয় যে এইটো কোনো ৰাজনৈতিক আন্দোলনৰ দাবী নহয়। এঘাৰ বছৰ ধৰি প্ৰতিদিনে জীয়াই থকা আৰু প্ৰতি নিশাই মৃত্যুমুখত পৰা এগৰাকী কন্যাৰ এই কাতৰ অনুৰোধ।
বি ৱাই চিৰ ছামি দীন বালোচে কয় যে যদি আমিৰ বখছ বালোচে কোনো অপৰাধ সংঘটিত কৰিছে তেন্তে তেওঁক আদালতত হাজিৰ কৰা উচিত। কেনেধৰণৰ আইন যে কাৰোবাক অভিযোগ বা বিচাৰ নোহোৱাকৈ এঘাৰ বছৰ ধৰি বন্দী কৰি ৰখা হৈছে। ছামি দীন বালোচে কয় যে বেলুচ মহিলাসকল “এতিয়া কেৱল প্ৰতিবাদকাৰী নহয়, বৰঞ্চ প্ৰতিৰোধৰ নেতা হৈ পৰিছে।”
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া