শ্ৰীনগৰ, ৩১ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ ১২৫ সংখ্যক খণ্ডত বানপানী আৰু ধাৰাসাৰ বৰষুণৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈও ক্ৰীড়াৰ ক্ষেত্ৰত নতুন কৃতিত্ব অৰ্জন কৰা জম্মু-কাশ্মীৰক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে পুলৱামাৰ প্ৰথম দিন-ৰাতি ক্ৰিকেট প্ৰতিযোগিতা আৰু শ্ৰীনগৰৰ দল লেকত অনুষ্ঠিত ঐতিহাসিক জল ক্ৰীড়া উৎসৱক অঞ্চলটোৰ এথলেটিকছৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা উৎসাহৰ উজ্জ্বল উদাহৰণ বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰয়েল প্ৰিমিয়াৰ লীগ (আৰ পি এল) আৰু দেশৰ প্ৰথমখন খেলো ইণ্ডিয়া জল ক্ৰীড়া মহোৎসৱে কাশ্মীৰক ৰাষ্ট্ৰীয় ক্ৰীড়া জগতৰ চৰ্চালৈ আনিছে। প্ৰতিযোগিতাখনৰ অভূতপূৰ্ব সঁহাৰিৰ শলাগ লৈ মোদীয়ে কয় যে পুলৱামাত হাজাৰ হাজাৰ লোক, বিশেষকৈ যুৱক-যুৱতীসকলে ফ্লাডলাইটৰ তলত ক্ৰিকেট উপভোগ কৰি আছিল, যিটো চাবলগীয়া দৃশ্য আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেইবছৰমান আগলৈকে এইটো অসম্ভৱ আছিল, কিন্তু এতিয়া জম্মু-কাশ্মীৰকে ধৰি সমগ্ৰ দেশখনে পৰিৱৰ্তন ঘটাই উন্নয়নৰ নতুন উচ্চতা স্পৰ্শ কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে দল লেকত আয়োজন কৰা জল ক্ৰিদা মহোৎসৱৰ প্ৰশংসা কৰে য’ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৮০০ৰো অধিক খেলুৱৈয়ে পুৰুষ-মহিলাৰ প্ৰায় সমান অংশগ্ৰহণেৰে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে। পদক লাভৰ ক্ষেত্ৰত মধ্যপ্ৰদেশে শীৰ্ষস্থান দখল কৰাৰ পিছতে হাৰিয়ানা আৰু ওড়িশা। প্ৰায় দুডজন দলৰ সৈতে ৰয়েল প্ৰিমিয়াৰ লীগৰ গ্ৰেণ্ড ফিনালে লাইটৰ তলত খেলা হ’ব আৰু এসপ্তাহজোৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া