নতুন দিল্লী ০২ আগষ্ট (হি.স.)। কেৰালাৰ কাছাৰগোডত অৱস্থিত এটা দাতব্য ট্ৰাষ্টৰ বিৰুদ্ধে বৈদেশিক মুদ্ৰা বৰঙণি নিয়ন্ত্ৰণ আইন (এফচিআৰএ) উলংঘা কৰাৰ অভিযোগত প্ৰৱৰ্তন সঞ্চালকালয়ে গোচৰ ৰুজু কৰিছে। এফচিআৰএ উলংঘা কৰি বহিঃৰাজ্যৰ পৰা ২২০ কোটি টকা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে এই ট্ৰাষ্টে।
ইডিৰ তথ্য অনুসৰি ২০২১ চনৰ পৰা প্ৰবাসী ভাৰতীয় ইব্ৰাহিম আহমেদ আলীৰ পৰা এই ট্ৰাষ্টে ২২০ কোটিৰো অধিক ধন লাভ কৰিছিল, যিটো অসুৰক্ষিত ঋণ হিচাপে একাউণ্টৰ বহীত প্ৰতিফলিত হৈছিল। কাছাৰগোডস্থিত কুনহাহাম্মদ মুছলিয়াৰ মেম’ৰিয়েল ট্ৰাষ্ট আৰু ইয়াৰ অধ্যক্ষ ইব্ৰাহিম আহমেদ আলীৰ বিৰুদ্ধে তদন্তৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই গোচৰত বৃহস্পতিবাৰে কাছাৰগোডৰ দুটা স্থানত অভিযান চলাইছিল ইডিয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া