জুলাই মাহত মাৰুতি চুজুকিৰ বিক্ৰী তিনি শতাংশ বৃদ্ধি, মুঠ ১,৮০,৫২৬খন গাড়ী বিক্ৰী
নতুন দিল্লী ০১ আগষ্ট (হি.স.)। দেশৰ আগশাৰীৰ অটোমোবাইল নিৰ্মাতা কোম্পানী মাৰুতি চুজুকি ইণ্ডিয়া (এমএছআই)ৰ জুলাই মাহত মুঠ বিক্ৰী বছৰৰ পিছত বছৰ ধৰি তিনি শতাংশ বৃদ্ধি পাই ১,৮০,৫২৬ ইউনিট হৈছে। যোৱা বছৰৰ একে সময়ছোৱাত কোম্পানীটোৱে মুঠ ১,৭৫,০৪১খন বাহন বিক্ৰ
মাৰুতি চুজুকি


নতুন দিল্লী ০১ আগষ্ট (হি.স.)। দেশৰ আগশাৰীৰ অটোমোবাইল নিৰ্মাতা কোম্পানী মাৰুতি চুজুকি ইণ্ডিয়া (এমএছআই)ৰ জুলাই মাহত মুঠ বিক্ৰী বছৰৰ পিছত বছৰ ধৰি তিনি শতাংশ বৃদ্ধি পাই ১,৮০,৫২৬ ইউনিট হৈছে। যোৱা বছৰৰ একে সময়ছোৱাত কোম্পানীটোৱে মুঠ ১,৭৫,০৪১খন বাহন বিক্ৰী কৰিছিল।

শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত মাৰুতি চুজুকি ইণ্ডিয়াই জুলাই মাহত ঘৰুৱা যাত্ৰীবাহী বাহনৰ পাইকাৰী বিক্ৰী ১,৩৭,৪৬৩ ইউনিট হোৱাৰ লগতে বছৰৰ পিছত বছৰ ধৰি সামান্য বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে। কোম্পানীটোৱে জনোৱা মতে, যোৱা বছৰৰ জুলাই মাহত ৩১,৭৪৫ ইউনিট ৰপ্তানি হোৱাৰ বিপৰীতে ২০২৪ চনৰ জুলাই মাহত ২৩,৯৮৫ ইউনিট আছিল।

এম এছ আইয়ে জনোৱা মতে, অলটো আৰু এছ-প্ৰেছ’কে ধৰি সৰু গাড়ীৰ খণ্ডত ২০২৪ চনৰ জুলাই মাহত ৯,৯৬০ ইউনিটৰ বিপৰীতে জুলাই মাহত ৬,৮২২ ইউনিটলৈ হ্ৰাস পাইছে।

কোম্পানীটোৱে জনোৱা মতে, গ্ৰেণ্ড ভিটাৰা, ব্ৰেজা, এৰ্টিগা আৰু এক্সএল৬ৰ দৰে ইউটিলিটি বাহনৰ বিক্ৰী জুলাই মাহত ৫২,৭৭৩ ইউনিট হোৱাৰ বিপৰীতে ২০২৪ চনৰ জুলাই মাহত ৫৬,৩০২ ইউনিট। যোৱা বছৰৰ জুলাই মাহত ভ্যান ইকোৰ বিক্ৰী ১২,৩৪১ ইউনিটৰ বিপৰীতে ২০২৪ চনৰ জুলাই মাহত ১১,৯১৬ ইউনিট। লঘু বাণিজ্যিক বাহন ছুপাৰ কেৰীৰ বিক্ৰী আছিল ২,৭৯৪ ইউনিট, যিটো বিগত বছৰৰ জুলাই মাহত ২,৮৯১ ইউনিট আছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande