বলীউডৰ উদীয়মান তাৰকা তৃপ্তী ডিমৰীয়ে নিজৰ ছবিৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও আজিকালি বাতৰিৰ শিৰোনাম দখল কৰিছে। কিছুদিনৰ পৰা ব্যৱসায়ী তথা ৰেষ্টুৰেণ্টৰ মালিক ছেম মাৰ্চেণ্টৰ সৈতে তাইৰ নামটো অহৰহ জড়িত হৈ আছে। দুয়োকে বহুবাৰ একেলগে দেখা গৈছে, তাৰ পিছত ওলাইছে তেওঁলোকৰ সম্পৰ্কৰ উৰাবাতৰি। এতিয়া আকৌ এবাৰ এই আলোচনাক ইন্ধন যোগাই তৃপ্তি আৰু ছেমৰ এটা নতুন ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
শেহতীয়াকৈ তৃপ্তিক ছেম মাৰ্চেণ্টৰ সৈতে মুম্বাই বিমানবন্দৰত দেখা গৈছিল। ভাইৰেল ভিডিঅ’টোত দুয়োকে নীলা ৰঙৰ বিলাসী গাড়ীৰ পৰা নামি অহা দেখা গৈছে। ছেম এয়াৰপৰ্টলৈ আহিছিল তৃপ্তিক নমাই আনিবলৈ আৰু দুয়ো ওলাই অহাৰ লগে লগে দুয়োৰে মাজত লঘু কথা-বতৰা আৰু হাঁহি এটা দেখা গ’ল। যোৱাৰ সময়ত ছেমে হাঁহি এটা মাৰি তাইক বিদায় দিলে, তাৰ পিছত তৃপ্তি বিমানবন্দৰৰ ভিতৰলৈ সোমাই গ’ল। যদি খবৰ বিশ্বাস কৰিব লাগে তেন্তে তেওঁৰ আগন্তুক ছবিৰ শ্বুটিংৰ সৈতে জড়িত হৈ এইকেইদিন মহানগৰী এৰি গৈছে তৃপ্তিয়ে।
মন কৰিবলগীয়া যে ছেম মাৰ্চেণ্ট এজন সফল উদ্যোগী আৰু গোৱাৰ বিখ্যাত ‘ৱাটাৰ্ছ বিচ লাউঞ্জ এণ্ড গ্ৰীল’ৰ প্ৰতিষ্ঠাপক। ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ মডেলিং উদ্যোগৰ এক পৰিচিত মুখ। ২০০২ চনত গ্লাড্ৰেগছ মেনহাণ্ট প্ৰতিযোগিতাত জয়ী হৈ তেওঁ শিৰোনাম দখল কৰে। একে সময়তে উৎকৃষ্ট অভিনয়েৰে তৃপ্তি ডিমৰিয়ে দ্ৰুতগতিত বলীউডত নিজৰ নাম উজলাই তুলিছে। ‘কালা’ আৰু ‘এনিমেল’ৰ দৰে ছবিৰ পিছত তেওঁ উদ্যোগটোৰ অন্যতম চৰ্চিত অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে। এতিয়া যেতিয়া তেওঁৰ নামটো ছেম মাৰ্চেণ্টৰ সৈতে অহৰহ জড়িত হৈ আছে, অনুৰাগীসকলে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়েও জল্পনা-কল্পনাৰ পৰা আঁতৰি থকা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া