দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ ছবি ‘কুলি’ ছবিগৃহত মুক্তি পালে ১৪ আগষ্টত হৃতিক ৰোশনৰ ‘ৱাৰ ২’ৰ সৈতে। দুয়োখন ছবিয়ে বক্স অফিচত এক সুন্দৰ আৰম্ভণি কৰিছে যদিও উপাৰ্জনৰ ক্ষেত্ৰত ‘কুলি’ এতিয়াও ‘ৱাৰ ২’তকৈ আগবাঢ়ি আছে। ছবিখনৰ ব্যৱসায় দ্ৰুতগতিত ২০০ কোটি টকাৰ পৰিসংখ্যাৰ দিশে আগবাঢ়িছে। এনে পৰিস্থিতিত এতিয়া ইয়াৰ চতুৰ্থ দিনৰ উপাৰ্জনৰ পৰিসংখ্যা ওলাইছে।
বক্স অফিচ ট্ৰেকাৰ ছচনিল্ক ৰ প্ৰতিবেদন অনুসৰি ‘কুলি’ মুক্তিৰ চতুৰ্থ দিন অৰ্থাৎ দেওবাৰে প্ৰায় ৩৫ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ লগে লগে ছবিখনৰ বক্স অফিচত মুঠ সংগ্ৰহ ১৯৪.২৫ কোটি টকা হৈছেগৈ। ছবিখনে মুকলিৰ দিনা ৬৫ কোটি টকাৰ ব্লকবাষ্টাৰ ব্যৱসায় কৰিছিল। দ্বিতীয় দিনা ইয়াৰ সংগ্ৰহ ৫৪.৭৫ কোটি টকালৈ হ্ৰাস পোৱাৰ বিপৰীতে তৃতীয় দিনা ছবিখনে ৩৯.৫ কোটি টকা উপাৰ্জন কৰাত সফল হয়।
লোকেশ কানাগৰাজে পৰিচালনা কৰা ‘কুলী’ ৰজনীকান্তৰ সৈতে তেওঁৰ এইটোৱেই প্ৰথম সহযোগিতা। ছবিখনত দেৱৰ চৰিত্ৰত দেখা গৈছে ৰজনীকান্তক। থালাইভাৰ প্ৰচণ্ড একচন আৰু তেওঁৰ বিশেষ শ্বেগ দেখি দৰ্শক আকৌ এবাৰ তেওঁক লৈ উন্মাদ হৈ পৰিছে। এই ছবিখনত নাগাৰ্জুন আকিনেনী, শ্ৰুতি হাছান, সৌবিন শ্বাহীৰ, উপেন্দ্ৰ, সত্যৰাজ আৰু ৰচিতা ৰামৰ দৰে তাৰকাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। একে সময়তে আমিৰ খান আৰু পূজা হেগড়ে তেওঁলোকৰ বিশেষ কেমিঅ’ৰ জৰিয়তে ছবিখনক অধিক আকৰ্ষণীয় কৰি তুলিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী