খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ জুলাই মাহত ১.৫৫ শতাংশলৈ হ্ৰাস
নতুন দিল্লী, ১২ আগষ্ট (হি.স.)। মুদ্ৰাস্ফীতিৰ ফ্ৰণ্টত সাধাৰণ মানুহে ডাঙৰ সকাহ পাইছে। খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ জুলাই মাহত আঠ বছৰৰ নিম্নতম ১.৫৫ শতাংশলৈ নামি আহিছে, যিটো পূৰ্বৰ জুন মাহত ২.১ শতাংশ আছিল। ২০১৯ চনৰ জানুৱাৰী মাহৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে খুচ
পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰৰ ল'গ'ৰ প্ৰতীকী ছবি


নতুন দিল্লী, ১২ আগষ্ট (হি.স.)। মুদ্ৰাস্ফীতিৰ ফ্ৰণ্টত সাধাৰণ মানুহে ডাঙৰ সকাহ পাইছে। খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ জুলাই মাহত আঠ বছৰৰ নিম্নতম ১.৫৫ শতাংশলৈ নামি আহিছে, যিটো পূৰ্বৰ জুন মাহত ২.১ শতাংশ আছিল। ২০১৯ চনৰ জানুৱাৰী মাহৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ২ শতাংশৰ তললৈ আহিছে।

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি গ্ৰাহক মূল্য সূচকাংকৰ ভিত্তিত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ জুলাই মাহত আঠ বছৰৰ নিম্নতম ১.৫৫ শতাংশলৈ নামি আহিছে। ৯৭ মাহৰ ভিতৰত এয়া সৰ্বনিম্ন স্তৰ। ইয়াৰ পূৰ্বে ২০১৭ চনৰ জুন মাহত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ১.৫৪ শতাংশ আছিল। ২০২৫ চনৰ জুন মাহত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ২.১০ শতাংশ। একেদৰে ২০২৫ চনৰ মে’ মাহত ২.৮২ শতাংশ আৰু ২০২৫ চনৰ এপ্ৰিল মাহত ৩.১৬ শতাংশ আছিল।

তথ্য অনুসৰি খাদ্য সামগ্ৰীৰ মূল্য ধাৰাবাহিকভাৱে কোমল হোৱাৰ বাবে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস পাইছে। খাদ্যৰ মুদ্ৰাস্ফীতি দ্বিতীয়বাৰৰ বাবে ঋণাত্মক, জুলাই মাহত -১.৮ শতাংশ, জুন মাহত -১.১ শতাংশ। জুলাই মাহত গ্ৰামাঞ্চলত খুচুৰা মুদ্ৰাস্ফীতি ১.১৮ শতাংশ, জুন মাহত ১.৭২ শতাংশ। একে সময়তে চহৰ অঞ্চলত ই ২.৫৬ শতাংশৰ পৰা ২.০৫ শতাংশলৈ হ্ৰাস পাইছে।

ফেব্ৰুৱাৰী মাহৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৪ শতাংশ লক্ষ্যৰ তলত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ। শেহতীয়া মুদ্ৰা পৰ্যালোচনাত ৰিজাৰ্ভ বেংকে সমগ্ৰ বিত্তীয় বৰ্ষৰ মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস ৩.১ শতাংশলৈ হ্ৰাস কৰিছে, যিটো পূৰ্বে ৩.৭ শতাংশ আছিল। আৰ বি আইয়ে আশা কৰিছে যে দ্বিতীয় ত্ৰৈমাসিকত গড় মুদ্ৰাস্ফীতি ২.১ শতাংশ হ’ব, আনহাতে তৃতীয় ত্ৰৈমাসিকত ৩.১ শতাংশ আৰু চতুৰ্থ ত্ৰৈমাসিকত ৪.৪ শতাংশ হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande