ডিপিআইআইটিৰ ষ্টাৰ্টআপসমূহক সমৰ্থন কৰিবলৈ জেপ্ট’ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ
নতুন দিল্লী, ১২ আগষ্ট (হি.স.)। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)-এ বিভিন্ন খণ্ডৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ষ্টাৰ্টআপক সহায় কৰিবলৈ জেপ্ট’ প্ৰাইভেট লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই
ডিপিআইআইটিৰ ষ্টাৰ্টআপসমূহক সমৰ্থন কৰিবলৈ জেপ্ট’ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ


নতুন দিল্লী, ১২ আগষ্ট (হি.স.)। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)-এ বিভিন্ন খণ্ডৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ষ্টাৰ্টআপক সহায় কৰিবলৈ জেপ্ট’ প্ৰাইভেট লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিখন হাৰ্ডৱেৰ, আইঅটি, পেকেজিং আৰু দীৰ্ঘম্যাদী উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে মঙলবাৰে এক বিবৃতিত কয় যে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ডিপিআইআইটিৰ সঞ্চালক ড০ সুমিত জাৰাংগল আৰু জেপ্ট’ৰ সহ-প্ৰতিষ্ঠাপক কৈভাল্য ভোহৰাই। এই সহযোগিতাৰ লক্ষ্য হৈছে ছমাহৰ এক কেন্দ্ৰীভূত কাৰ্যসূচীৰ জৰিয়তে ষ্টাৰ্টআপসমূহক আৱিষ্কাৰ আৰু পথ প্ৰদৰ্শন কৰা। এই কাৰ্যসূচীয়ে হাৰ্ডৱেৰ, ইণ্টাৰনেট অৱ থিংছ, পেকেজিং আৰু দীৰ্ঘম্যাদী উৎপাদনৰ ক্ষেত্ৰত প্ৰযুক্তি বিকাশ কৰা ষ্টাৰ্টআপসমূহক সহায় আগবঢ়াব। তেওঁলোকে জেপ্ট’ৰ বিতৰণ আৰু ডিজিটেল আন্তঃগাঁথনি ব্যৱহাৰ কৰি প্ৰ’ট’টাইপৰ পৰা বজাৰলৈ সমাধান বিকশিত কৰিবলৈ সক্ষম হ’ব।

মন্ত্ৰালয়ৰ মতে, এই অংশীদাৰিত্বই বিশেষজ্ঞ নেতৃত্বাধীন কৰ্মশালা আৰু ষ্টাৰ্টআপ ইণ্ডিয়াৰ সহযোগিতাৰ জৰিয়তে মহিলা নেতৃত্বাধীন আৰু টায়াৰ টু/থ্ৰী ষ্টাৰ্টআপৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিৰ্দেশনা আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়াব। ইয়াৰ উপৰিও জেপ্ট’ই ১০০ৰো অধিক ভাৰতীয় ষ্টাৰ্টআপক ইয়াৰ যোগান শৃংখলৰ সৈতে সংযোগ কৰিব, যাৰ ফলত তেওঁলোকক সামগ্ৰী প্ৰদৰ্শন, বজাৰত প্ৰৱেশ লাভ আৰু তেওঁলোকৰ উপস্থিতি সম্প্ৰসাৰণৰ এক মঞ্চ প্ৰদান কৰা হ’ব।

ডিপিআইআইটিৰ যুটীয়া সম্পাদক সঞ্জীৱে এই উপলক্ষে কয় যে ইউনিকৰ্ণৰ পৰা পোৱা সহায় ষ্টাৰ্টআপক আগুৱাই নিয়াৰ অন্যতম প্ৰভাৱশালী উপায়, যাৰ ফলত তেওঁলোকে সফল উদ্যোগৰ যাত্ৰাৰ বিষয়ে জানি শিকিব পাৰে। ইয়াৰ অনুকূল পৰিৱেশত অৰিহণা যোগোৱাটো কেৱল এটা সুযোগেই নহয়, ইউনিকৰ্ণৰ বাবেও এক দায়িত্ব বুলিও তেওঁ কয়। ষ্টাৰ্টআপৰ বৃদ্ধিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে বজাৰত প্ৰৱেশ তেওঁলোকৰ সফলতাৰ এক মূল কাৰক হৈয়েই আছে।

জেপ্ট’ৰ সহ-প্ৰতিষ্ঠাপক কৈৱল্য ভোহৰাই কয় যে ডিপিআইআইটিৰ সৈতে অংশীদাৰিত্বই ষ্টাৰ্টআপসমূহক জেপ্ট’ নোভা কাৰ্যসূচীৰ জৰিয়তে উৎপাদনৰ উন্নত ভৱিষ্যত উপলব্ধি কৰাত সহায় কৰিব। এই বুজাবুজি চুক্তিখন ডিপিআইআইটিৰ এনে অংশীদাৰিত্বক প্ৰসাৰিত কৰাৰ প্ৰচেষ্টাৰ অংশ যিয়ে দ্ৰুত উদ্ভাৱন, সৰ্বাংগীন অৰ্থনৈতিক বিকাশ আৰু স্বাৱলম্বী ভাৰতৰ সৃষ্টি সম্ভৱ কৰি তুলিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande