ৰাঁচী, ০১ আগষ্ট (হি স)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে ধানবাদত আই আই টিৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইয়াৰ বাবে কটকটীয়া নিৰাপত্তাৰ মাজতে ৰাজভৱনৰ পৰা হাৰমু পথ হৈ ৰাঁচীৰ বীৰছা মুণ্ডা বিমানবন্দৰত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। তাৰ পৰাই ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে দুৰ্গাপুৰ বিমানবন্দৰলৈ ৰাওনা হয়।
ৰাষ্ট্ৰপতিগৰাকীয়ে দুৰ্গাপুৰৰ পৰা ধনবাদলৈ যাব য’ত তেওঁ আই আই টি (আই এছ এম)ৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰি আই আই টিৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ডাক ষ্টাম্প মুকলি কৰিব। ২০ গৰাকী স্বৰ্ণ পদক বিজয়ী ছাত্ৰ-ছাত্ৰীক পদক আৰু ডিগ্ৰী প্ৰদান কৰিব। এই অনুষ্ঠানত ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আদি উপস্থিত থাকিব।
আই আই টি কেম্পাছত অৱস্থিত অটল কমিউনিটি ইনোভেচন চেণ্টাৰত আদিবাসী মহিলাসকলে আয়োজন কৰা প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি কেম্পাছত গছপুলি ৰোপণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। এই উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ উপদেষ্টা পি কে মিশ্ৰক বিজ্ঞান ডক্টৰেট ডিগ্ৰীৰ সন্মানীয় ডিগ্ৰী প্ৰদান কৰা হ’ব।
ধনবাদত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আগমনৰ বাবে মহানগৰীত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। নিৰাপত্তাৰ বাবে নিয়োগ কৰা হৈছে ৮ জন আই পি এছ, ২৫ ডি এছ পি আৰু ৮০০ আৰক্ষী।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে দেওঘৰত উপস্থিত হৈ ৰাষ্ট্ৰপতিগৰাকীয়ে তাত এইমছৰ প্ৰথম সমাৱৰ্তনত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত সন্ধিয়া পলমকৈ ৰাঁচী পালে আৰু নিশা ৰাজভৱনত বিশ্ৰাম কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া