নতুন দিল্লী, ০৩ আগষ্ট (হি.স.)। আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু ৰাছিয়াৰ পৰা তেল আমদানিৰ ওপৰত অতিৰিক্ত কৰ ঘোষণা কৰাৰ পিছত এই সন্দৰ্ভত অর্থনৈতিক বিশেষজ্ঞসকলে প্রশ্ন উত্থাপন কৰিছে৷ ভাৰত-আমেৰিকাৰ সম্পৰ্কত কেৱল দূৰত্বৰ সম্ভাৱনাই নহয়, শুল্কৰ প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মনোভাৱৰ বাবেই আমেৰিকাত মন্দাৱস্থাৰ লক্ষণ দেখা পাইছে বিশেষজ্ঞসকলে। কানাডাৰ এজন আগশাৰীৰ ব্যৱসায়ী তথা টেষ্টবেডৰ অধ্যক্ষ কাৰ্ক লুবিম'ভে এই সন্দৰ্ভত ট্ৰাম্পক স্পষ্টভাৱে সকীয়াই দিছিল আৰু নৰেন্দ্ৰ মোডীক বিশ্ব মঞ্চৰ আটাইতকৈ সন্মানীয় নেতা বুলি অভিহিত কৰিছিল।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কিৰ্ক লুবিম’ভে এটা পোষ্ট শ্বেয়াৰ কৰি ট্ৰাম্পৰ শুল্ক নীতিক ভুল বুলি অভিহিত কৰাই নহয় ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্কক ট্ৰাম্পৰ অতি ডাঙৰ দীৰ্ঘম্যাদী কৌশলগত ভুল বুলিও অভিহিত কৰে। তেওঁ কয় যে তেওঁ পূৰ্বেও কৈ আহিছে যে ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল ইয়াত ভূ-ৰাজনৈতিক কৌশলৰ প্ৰতি লক্ষ্য ৰখা নহয়। ট্ৰাম্পে বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ দেশ ভাৰতৰ বিৰুদ্ধে যুঁজিছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আজি বিশ্ব মঞ্চৰ অন্যতম সন্মানীয় নেতা হিচাপে গণ্য কৰা হৈছে, যিজনৰ বহু গুৰুত্বপূৰ্ণ দেশত গভীৰ প্ৰভাৱ আছে।
লুবিম'ভে কয় যে চীন আৰু ব্ৰিকছ দেশৰ ক্ৰমবৰ্ধমান আধিপত্যৰ মাজত কেনেকৈ ভাৰসাম্য ৰক্ষা কৰিব পাৰি সেইটোৱেহে কৌশল হ’ব লাগে। ভাৰত ব্ৰিকছৰ অংশ হোৱাৰ পিছতো আমেৰিকাৰ স্বাভাৱিক মিত্ৰ হ’ব পাৰে। বিশেষকৈ যেতিয়া চীনৰ পৰা উৎপাদন স্থানান্তৰিত কৰিবলগীয়া হয়। তেওঁ কয় যে ভাৰতৰ সৈতে ‘হাতুৰী আৰু গজাল’ৰ কঠোৰ নীতিৰ পৰিৱৰ্তে আমেৰিকাই ইয়াৰ সৈতে অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰিব লাগে আৰু ইয়াত কানাডাকো অন্তৰ্ভুক্ত কৰিব লাগে, যিয়ে প্ৰাকৃতিক সম্পদৰ প্ৰয়োজনীয়তা পূৰণত সহায় কৰিব পাৰে। এইটো এটা অতি ডাঙৰ দীৰ্ঘম্যাদী কৌশলগত ভুল। আমি বুজিব লাগিব যে পৃথিৱীখন দীৰ্ঘম্যাদী চিন্তাৰে গতি কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া