গোণ্ডা, ০৩ আগষ্ট (হি.স.)। উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত দেওবাৰে সংঘটিত পথ দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু। এখন বলেৰো গাড়ীৰে ১৫ জন লোকে পৃথ্বিনাথ মন্দিৰলৈ গৈ আছিল। মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
ইতিয়াথোক থানা এলেকাৰ ৰেহৰা বেলৱা বহুটা খালৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ’খন বাগৰি পৰে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে। দুৰ্ঘটনাটোত তিনিজন শিশু আৰু এজন চালকসহ চাৰিজন লোকক উদ্ধাৰ কৰা হৈছে। আনহাতে ১১ জন লোকৰ মৃত্যু হৈছে। খালটোৰ পৰা মৃতদেহ বাহিৰলৈ উলিয়াই অনা হৈছে।
এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ততাতৈয়াকৈ বিষয়াসকলক সেই স্থানত উপস্থিত হৈ সাহায্যৰ কাম কৰিবলৈ নিৰ্দেশ দিছে। এই তথ্য লাভ কৰি জিলা দণ্ডাধীশ আৰু আৰক্ষী বিষয়াই যোগাযোগ কৰিছে। মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া