নতুন দিল্লী, ০১ আগষ্ট (হি.স.)। ভাৰতে ব্ৰিটিছ সংসদীয় সমিতিৰ প্ৰতিবেদনক ভিত্তিহীন, শত্ৰুতাপূৰ্ণ আৰু ইচ্ছাকৃতভাৱে ভাৰতক বদনাম কৰা বুলি খাৰিজ কৰিছে। ইয়াত ভাৰতক ব্ৰিটেইনত বাস কৰা ব্যক্তি আৰু সম্প্ৰদায়ক ভয় দেখুওৱাৰ অভিযোগ উত্থাপন কৰিা হৈছে।
ব্ৰিটিছ সংসদত মানৱ অধিকাৰৰ ওপৰত যুটীয়া সমিতি (জেচিএইচআৰ) প্ৰতিবেদনত ভাৰতৰ বিষেয় উল্লেখসমূহৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, “আমি উক্ত প্ৰতিবেদনত ভাৰতৰ উল্লেখ দেখিছো আৰু এই ভিত্তিহীন অভিযোগসমূহ স্পষ্টভাৱে নাকচ কৰিছো। এই দাবীসমূহৰ উৎপত্তি অসত্য আৰু সন্দেহজনক উৎসৰ পৰা হৈছে, মূলতঃ ভাৰত বিৰোধী শত্ৰুতাৰ স্পষ্ট, নথিভুক্ত ইতিহাস থকা নিষিদ্ধ সত্তা আৰু ব্যক্তিৰ সৈতে জড়িত। বদনামী উৎসৰ ওপৰত ইচ্ছাকৃতভাৱে নিৰ্ভৰশীলতাই প্ৰতিবেদনখনৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।”
বুধবাৰে প্ৰকাশ পোৱা ‘ট্ৰেন্সকচনেল ৰিপ্ৰেছন ইন দি ইউ কে’ৰ প্ৰতিবেদনত ব্ৰিটিছ সংসদীয় সমিতিৰ অভিযোগ উত্থাপন হৈছে যে ব্ৰিটেইনৰ ব্যক্তি আৰু সম্প্ৰদায়ক নীৰৱ আৰু ভয় দেখুওৱাৰ প্ৰচেষ্টাত বিদেশী চৰকাৰসমূহ ক্ৰমান্বয়ে দুঃসাহসিক হৈ পৰিছে। প্ৰতিবেদনত ভাৰতকে ধৰি ১২খন দেশৰ নামত দাবী কৰা হৈছে যে এই দেশসমূহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দমন (টিএনআৰ)ৰ প্ৰমাণ পোৱা গৈছে। প্ৰতিবেদনত নাম উল্লেখ কৰা আন দেশসমূহৰ ভিতৰত আছে বাহৰেইন, চীন, ইজিপ্ত, ইৰিট্ৰিয়া, ইৰাণ, পাকিস্তান, ৰাছিয়া, ৰুৱাণ্ডা, চৌদি আৰৱ, তুৰস্ক আৰু সংযুক্ত আৰব আমিৰশ্বাহী।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া