নিৰ্বাচন আয়োগৰ ৰাহুল গান্ধীৰ বক্তব্যক ভিত্তিহীন আখ্যা
নতুন দিল্লী, ০১ আগষ্ট (হি.স.)। নিৰ্বাচন আয়োগে কয় যে এনে ধমকি ভৰা ভিত্তিহীন অভিযোগ প্ৰতিদিনে উত্থাপন হৈ আছে আৰু এইবোৰ আয়োগে আওকাণ কৰে। উল্লেখযোগ্য যে শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি কয়
নিৰ্বাচন আয়োগ


নতুন দিল্লী, ০১ আগষ্ট (হি.স.)। নিৰ্বাচন আয়োগে কয় যে এনে ধমকি ভৰা ভিত্তিহীন অভিযোগ প্ৰতিদিনে উত্থাপন হৈ আছে আৰু এইবোৰ আয়োগে আওকাণ কৰে।

উল্লেখযোগ্য যে শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি কয় যে এই প্ৰতিষ্ঠানটোৱে দেশৰ বিৰুদ্ধে কাম কৰি আছে। তেওঁ লগতে ক'লে, আমি আপোনাক (কমিচন) ৰেহাই নিদিওঁ।

ৰাহুলৰ এই বক্তব্য সন্দৰ্ভত নিৰ্বাচন আয়োগৰ মুখপাত্ৰই কয় যে, নিৰ্বাচন আয়োগে প্ৰতিদিনে উত্থাপিত হৈ থকা এনে ভিত্তিহীন অভিযোগক আওকাণ কৰে আৰু প্ৰতিদিনে ভাবুকি দিয়াৰ পিছতো নিৰপেক্ষ আৰু স্বচ্ছভাৱে কাম কৰা সকলো নিৰ্বাচনী কৰ্মীক এনে দায়িত্বহীন বক্তব্যৰ প্ৰতি গুৰুত্ব নিদিবলৈ কয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande