নতুন দিল্লী ০১ আগষ্ট (হি.স.)। প্ৰৱৰ্তন সঞ্চালকালয়ে ১৭ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ তথা এম ডি অনিল আম্বানীক চমন জাৰি কৰিছে । ৫ আগষ্টত তেওঁক সোধা-পোছাৰ বাবে চমন দিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই অনিল আম্বানীলৈ প্ৰেৰণ কৰা চমনত নতুন দিল্লীৰ ইডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ কৈছে, কিয়নো ইয়াত গোচৰ ৰুজু হৈছে। শুকুৰবাৰে চৰকাৰী সূত্ৰই জনোৱা মতে, তেওঁৰ বক্তব্য ধন সৰবৰাহৰ প্ৰতিৰোধ আইন, ২০০২ (পিএমএলএ)ৰ অধীনত লিপিবদ্ধ কৰা হ’ব।
যোৱা সপ্তাহত কেন্দ্ৰীয় তদন্ত সংস্থাই তেওঁৰ ব্যৱসায়িক গোটৰ কেইবাটাও কোম্পানী আৰু বিষয়াক অভিযান চলোৱাৰ পিছতে অনিল আম্বানীক এই চমন জাৰি কৰা হৈছে। ২৪ জুলাইৰ পৰা আৰম্ভ হোৱা এই ইডি অভিযানত মুম্বাইৰ ৩৫টাতকৈও অধিক স্থানত তিনিদিন ধৰি চলিছিল, য’ত আছিল ৫০টা কোম্পানী আৰু অনিল আম্বানী গ্ৰুপ কোম্পানীৰ কেইবাজনো বিষয়াকে ধৰি ২৫জন লোক।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া