বাণিজ্যিক খননৰ বাবে দ্বাদশ ৰাউণ্ডত ৭টা কয়লা ব্লক নিলাম
নতুন দিল্লী ০১ আগষ্ট (হি.স.)। কয়লা মন্ত্ৰালয়ে বাণিজ্যিক খননৰ বাবে চলি থকা দ্বাদশ ৰাউণ্ডৰ কয়লা ব্লক নিলামত ২৮ জুলাইৰ পৰা ৩১ জুলাইলৈকে মুঠ ৭টা কয়লা ব্লক নিলাম কৰিছে, য’ত তিনিটা সম্পূৰ্ণ অন্বেষণ আৰু চাৰিটা আংশিকভাৱে অন্বেষণ কৰা কয়লা ব্লক অন্তৰ্ভুক্
কয়লা


নতুন দিল্লী ০১ আগষ্ট (হি.স.)। কয়লা মন্ত্ৰালয়ে বাণিজ্যিক খননৰ বাবে চলি থকা দ্বাদশ ৰাউণ্ডৰ কয়লা ব্লক নিলামত ২৮ জুলাইৰ পৰা ৩১ জুলাইলৈকে মুঠ ৭টা কয়লা ব্লক নিলাম কৰিছে, য’ত তিনিটা সম্পূৰ্ণ অন্বেষণ আৰু চাৰিটা আংশিকভাৱে অন্বেষণ কৰা কয়লা ব্লক অন্তৰ্ভুক্ত কৰা হৈছে। এই কয়লা ব্লকসমূহৰ মুঠ ভূতাত্ত্বিক মজুত প্ৰায় ১,৭৬১.৪৯ মিলিয়ন টন।

কয়লা মন্ত্ৰালয়ে শুকুৰবাৰে জনোৱা মতে, ২৭ মাৰ্চৰ পৰা বাণিজ্যিক খননৰ বাবে দ্বাদশ ৰাউণ্ডৰ কয়লা ব্লক নিলাম আৰম্ভ কৰা হৈছে। ইয়াৰ পিছত ২৮ জুলাইৰ পৰা ৩১ জুলাইলৈকে তিনিটা সম্পূৰ্ণ অন্বেষণ আৰু চাৰিটা আংশিকভাৱে অন্বেষণ কৰা কয়লা ব্লক নিলাম কৰা হৈছে। এই সাতটা কয়লা ব্লকৰ সংযুক্ত ভূতাত্ত্বিক মজুত প্ৰায় ১৭৬১.৪৯ মিলিয়ন টন। সম্পূৰ্ণৰূপে অন্বেষণ কৰা কয়লা ব্লকৰ ক্ৰমবৰ্ধমান সৰ্বোচ্চ ৰেটেড ক্ষমতা (পিআৰচি) হৈছে ৫.২৫ এমটিপিএ। এই কয়লা ব্লকসমূহৰ নিলামত গড়ে ২৬.৭০ শতাংশ ৰাজহৰ অংশীদাৰিত্ব লাভ কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে, এই ব্লকসমূহে বাৰ্ষিক প্ৰায় ৭১৯.৯০ কোটি টকা (আংশিকভাৱে অন্বেষণ কৰা ব্লকসমূহ বাদ দি) ৰাজহ আহৰণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও প্ৰায় ৭৮৭.৫০ কোটি টকাৰ মূলধনী বিনিয়োগ আকৰ্ষণ হোৱাৰ লগতে ৭,০৯৮টা কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

২০২০ চনত দেশত বাণিজ্যিক কয়লা খনন আৰম্ভ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে মুঠ ১৩১টা কয়লা ব্লক সফলতাৰে নিলাম কৰা হৈছে, যাৰ উৎপাদন ক্ষমতা বছৰি ২৭৭.৩১ মিলিয়ন টন। কাৰ্যক্ষম হ’লে এই কয়লা ব্লকসমূহে ঘৰুৱা কয়লা উৎপাদন বৃদ্ধি আৰু কয়লা খণ্ডত দেশখনক স্বাৱলম্বী কৰি তোলাত যথেষ্ট অৰিহণা যোগাব। এই ব্লকসমূহে সামূহিকভাৱে ৩৯,৩৫৯ কোটি টকাৰ বাৰ্ষিক ৰাজহ, ৪১,৫৯৭ কোটি টকা মূলধনী বিনিয়োগ আৰু কয়লা উৎপাদনকাৰী অঞ্চলত ৩,৭৪,৯১৬ জন লোকক কৰ্মসংস্থাপন লাভ কৰিব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande