নতুন দিল্লী, ০৯ জুলাই (হি.স.)। কেন্দ্ৰীয় তীখা আৰু গধুৰ উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে বুধবাৰে নতুন দিল্লীৰ নৌৰোজী নগৰত থকা ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত এম এছ টি চি লিমিটেডৰ নতুন কৰ্পৰেট কাৰ্যালয় উদ্বোধন কৰে। এম এছ টি চিৰ ডিজিটেল সেৱাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি কুমাৰস্বামীয়ে সঁজুলি ই-পৰ্টেল মুকলি কৰে।
কেন্দ্ৰীয় মন্ত্ৰী কুমাৰস্বামীয়ে এই উপলক্ষে প্ৰযুক্তি-চালিত জনসেৱাৰ আৰ্হি হিচাপে এমএছটিচিৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে এম এছ টি চি কেৱল এটা প্ৰতিষ্ঠানিক সম্পদ নহয়, ই প্ৰযুক্তি আৰু শাসন ব্যৱস্থাই কেনেকৈ একেলগে জাতিটোক সেৱা আগবঢ়াব পাৰে তাৰ প্ৰতীক। তেওঁ কয় যে তীখা মন্ত্ৰালয়ে দেশৰ উন্নয়ন যাত্ৰাত আৰু অধিক দায়িত্ব গ্ৰহণ কৰাৰ বাবে এম এছ টি চিক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
কেন্দ্ৰীয় তীখা মন্ত্ৰীগৰাকীয়ে কয় যে এম এছ টি চিৰ এই পদক্ষেপে মোডী চৰকাৰৰ সংস্কাৰ কাৰ্যসূচীক কৌশলগত বুষ্ট দিয়ে। কুমাৰস্বামীয়ে কয় যে দিল্লী নীতি কেন্দ্ৰত নতুন কাৰ্যালয় স্থাপনৰ ফলত এম এছ টি চিক উন্নত আন্তঃমন্ত্ৰালয়ৰ সমন্বয় আৰু ৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে যোগাযোগৰ সুবিধা প্ৰদান কৰা হ’ব। এই কৌশলগত সান্নিধ্যই সমগ্ৰ দেশতে সম্পদ ব্যৱস্থাপনা আৰু ক্ৰয় মঞ্চত ইয়াৰ অংশগ্ৰহণ আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া