ভাৰতীয় জীৱন বীমা নিগমৰ অংশীদাৰিত্ব আৰু অধিক হ্ৰাস কৰিব কেন্দ্ৰীয় চৰকাৰ
নতুন দিল্লী, ১০ জুলাই (হি.স.)। ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগম (এল আই চি)ৰ অধিক অংশীদাৰিত্ব বিক্ৰীৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। এই লেনদেনৰ সবিশেষ সন্দৰ্ভত কাম কৰিব বিত্ত মন্ত্ৰালয়ৰ বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বি
ভাৰতীয় জীৱন বীমা নিগমৰ অংশীদাৰিত্ব আৰু অধিক হ্ৰাস কৰিব কেন্দ্ৰীয় চৰকাৰ


নতুন দিল্লী, ১০ জুলাই (হি.স.)। ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগম (এল আই চি)ৰ অধিক অংশীদাৰিত্ব বিক্ৰীৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। এই লেনদেনৰ সবিশেষ সন্দৰ্ভত কাম কৰিব বিত্ত মন্ত্ৰালয়ৰ বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগে।

চৰকাৰী সূত্ৰই বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে অফাৰ ফৰ চেল (অ’এফএছ)ৰ জৰিয়তে ভাৰতীয় জীৱন বীমা নিগমৰ অংশীদাৰিত্ব আৰু অধিক হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে । বৰ্তমানৰ ৯৬.৫ শতাংশ অংশীদাৰিত্বৰে ২০২৭ চনৰ মে’ মাহৰ ভিতৰত ১০ শতাংশ ৰাজহুৱা অংশীদাৰিত্বৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লক্ষ্য লৈছে চৰকাৰে।

বৰ্তমান এল আই চিৰ ৯৬.৫ শতাংশ অংশীদাৰিত্ব কেন্দ্ৰীয় চৰকাৰৰ। ২০২২ চনৰ মে’ মাহত চৰকাৰে ইয়াৰ ৩.৫ শতাংশ অংশীদাৰিত্ব প্ৰাৰম্ভিক পাব্লিক অফাৰিং (আই পি অ’)ৰ জৰিয়তে প্ৰতি শ্বেয়াৰত ৯০২-৯৪৯ টকাৰ মূল্য বেণ্ডত বিক্ৰী কৰিছিল। এই শ্বেয়াৰ বিক্ৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰে লাভ কৰিছিল প্ৰায় ২১,০০০ কোটি টকা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande