নতুন দিল্লী, ১০ জুলাই (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে সুষম সাৰ ব্যৱহাৰৰ প্ৰসাৰৰ বাবে কৃষকসকলক ২৫ কোটি ভূমি স্বাস্থ্য কাৰ্ড বিতৰণ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ কিষাণ ক্ৰেডিট কাৰ্ডৰ পদক্ষেপৰ জৰিয়তে শস্য ঋণ সুলভ কৰি তোলা হৈছে, আনহাতে ই-নেম প্লেটফৰ্মৰ সৈতে ১৪০০ মাণ্ডী সংযোগ কৰা হৈছে।
বৃহস্পতিবাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত পীয়ুষ গোৱেলে কয় যে বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত ১৬ সংখ্যক কৃষি নেতৃত্ব সন্মিলনত ভাষণ দি মোডী চৰকাৰে ধাৰাবাহিকভাৱে কৃষি খণ্ডক উন্নয়নৰ কাৰ্যসূচীত আগশাৰীৰ স্থান প্ৰদান কৰি আহিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে বহু সংখ্যক কৃষক পৰিয়াল উপকৃত হৈছে। ইয়াৰ উপৰিও ই-নেম প্লেটফৰ্মৰ সৈতে ১৪০০ মণ্ডী সংযোগ কৰা হৈছে। সাৰ খণ্ডত কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত ৰাজসাহায্য প্ৰদান কৰি কৃষকসকলক সুলভ মূল্যত সাৰ উপলব্ধ কৰাইছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় কৃষকৰ প্ৰচেষ্টাই কৃষি ৰপ্তানিৰ শক্তিশালী প্ৰদৰ্শনত অৰিহণা যোগাইছে আৰু কৃষি, পশুপালন আৰু মীন ৰপ্তানি ৪ লাখ কোটি টকা হৈছেগৈ। কৃষক সমাজে আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাত আৰু স্থানীয়ৰ পৰা গ্লোবেলৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। গোৱালে কয় যে ডিজাইন, ব্ৰেণ্ডিং আৰু পেকেজিঙৰ উন্নতিৰ লগতে খাদ্য প্ৰক্ৰিয়াকৰণৰ জৰিয়তে মূল্য সংযোজনে অৰ্থনীতিলৈ কৃষিৰ অৱদান বৃদ্ধি কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া