উইম্বলডন ২০২৫: ডিমিট্ৰ’ভৰ অসুস্থতাৰ ফলত কোৱাৰ্টাৰ ফাইনেল পালে জানিক ছিনাৰ
লণ্ডন, ০৮ জুলাই (হি.স.)। বুলগেৰিয়াৰ প্ৰবীণ খেলুৱৈ গ্ৰীগ’ৰ ডিমিট্ৰ’ভে আঘাতৰ বাবে খেলৰ পৰা অৱসৰ লোৱাৰ পিছত সোমবাৰে উইম্বলডন টেনিছ প্ৰতিযোগিতাত বিশ্বৰ এক নম্বৰ স্থানত থকা জানিক চিনাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ডিমিট্ৰ’ভে প্ৰথম দুটা ছেটত উজ্জ্বল প্
উইম্বলডন ২০২৫: ডিমিট্ৰভ–জানিক ছিনাৰ


লণ্ডন, ০৮ জুলাই (হি.স.)। বুলগেৰিয়াৰ প্ৰবীণ খেলুৱৈ গ্ৰীগ’ৰ ডিমিট্ৰ’ভে আঘাতৰ বাবে খেলৰ পৰা অৱসৰ লোৱাৰ পিছত সোমবাৰে উইম্বলডন টেনিছ প্ৰতিযোগিতাত বিশ্বৰ এক নম্বৰ স্থানত থকা জানিক চিনাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

ডিমিট্ৰ’ভে প্ৰথম দুটা ছেটত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই মেচখনত ৬-৩, ৭-৫, ২-২ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল যদিও তাৰ পিছত পেক্ট’ৰেল (বুকুৰ পেশী) আঘাতৰ বাবে খেলখন মাজভাগত এৰিবলগীয়া হৈছিল।

চেণ্টাৰ ক’ৰ্টত খেলা এই মেচখনৰ পূৰ্বে একেৰাহে ৩৬খন খেলত নিজৰ চাৰ্ভ নেহেৰুৱা ছিনাৰৰ বিৰুদ্ধে প্ৰথমখন খেলতে এই ধাৰা ভাঙি ডিমিট্ৰ’ভে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। ৩৪ বছৰীয়া ডিমিট্ৰ’ভে প্ৰথমটো ছেট সহজে জয় কৰি দৰ্শকক আচৰিত কৰি তুলিলে।

দ্বিতীয় ছেটৰ সময়ত ছিনাৰে বাগৰি পৰাত সোঁ কিলাকুটিত আঘাত পাইছিল, যাৰ বাবে তেওঁ মেডিকেল টাইমআউট লৈছিল। যদিও এই সময়ছোৱাত ডিমিট্ৰ’ভেও নিজৰ এটা চাৰ্ভ হেৰুৱাইছিল, তথাপিও দ্বিতীয় ছেটত জয়ী হৈ মেচখনত নিজৰ অগ্ৰগতি বজাই ৰাখিছিল।

তৃতীয় ছেটত যেতিয়া স্ক’ৰ ২-২ হৈছিল, তেতিয়া ডিমিট্ৰ’ভে চাৰ্ভ কৰাৰ পিছত হঠাতে বাগৰি পৰিল আৰু বিষত কেকাই ক’ৰ্টত শুই পৰিল। তেওঁ চকুপানী ধৰি ৰাখিব নোৱাৰিলে আৰু শেষত মেচ এৰি যোৱাৰ সিদ্ধান্ত ল’বলগীয়া হ’ল।

এই অপ্ৰত্যাশিত স্থিতিয়ে চিনাৰক সকাহ দিছিল আৰু তেওঁ ২০২৫ চনৰ উইম্বলডনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande