জিম্বাবুৱে টেষ্ট শৃংখলাৰ বাবে নিউজিলেণ্ডৰ দল ঘোষণা, উইলিয়ামছন-জেমিছন অনুপলব্ধ
অকলেণ্ড, ০৮ জুলাই (হি.স.)। নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে সোমবাৰে জিম্বাবুৱে ভ্ৰমণৰ অৰ্থে দুখন মেচৰ টেষ্ট শৃংখলাৰ বাবে দলটো ঘোষণা কৰে। ৩০ জুলাইৰ পৰা বুলাৱায়োত আৰম্ভ হ’ব এই শৃংখলা। প্ৰথমবাৰৰ বাবে টেষ্ট দলত স্থান লাভ কৰিছে দ্ৰুত বলাৰ মেট ফিচাৰে। ফিচাৰৰ লগ
নিউজিলেণ্ডৰ অধিনায়ক টম লেথাম


অকলেণ্ড, ০৮ জুলাই (হি.স.)। নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে সোমবাৰে জিম্বাবুৱে ভ্ৰমণৰ অৰ্থে দুখন মেচৰ টেষ্ট শৃংখলাৰ বাবে দলটো ঘোষণা কৰে। ৩০ জুলাইৰ পৰা বুলাৱায়োত আৰম্ভ হ’ব এই শৃংখলা। প্ৰথমবাৰৰ বাবে টেষ্ট দলত স্থান লাভ কৰিছে দ্ৰুত বলাৰ মেট ফিচাৰে।

ফিচাৰৰ লগতে দ্ৰুত বলিং আক্ৰমণত নাথান স্মিথ, উইল অ’ৰ’ৰ্ক আৰু জেকব ডাফীও আছে। একে সময়তে বেন ছিয়াৰ্ছ পাৰ্শ্বীয় আঘাতৰ বাবে শৃংখলাৰ পৰা আঁতৰি আছে। তেওঁৰ সুস্থ হ’বলৈ দুসপ্তাহৰ পৰা চাৰি সপ্তাহ সময় লাগিব পাৰে।

এই টেষ্ট ছিৰিজৰ বাবে অধিনায়ক কেন উইলিয়ামছন, কাইল জেমিছন আৰু মাইকেল ব্ৰেচৱেল উপলব্ধ নহ’ব। নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ মতে, জেমিছনে প্ৰথম সন্তানৰ জন্মৰ বাবে অপেক্ষা কৰি আছে, আনহাতে উইলিয়ামছনে নিজৰ খেলাৰ সময়সূচীৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ এই ছিৰিজ এৰি যোৱাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে তেওঁৰ কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত হোৱা ‘দ্য হাণ্ড্ৰেড’ প্ৰতিযোগিতাত ব্যস্ত ব্ৰেচৱেল।

দললৈ ঘূৰি আহিছে স্পিনাৰ আজাজ পেটেল। ভাৰতৰ বিৰুদ্ধে ঐতিহাসিক টেষ্ট শৃংখলাৰ জয়ৰ অন্তিম অংশ আছিল তেওঁ। ২০২৩ চনৰ পিছত প্ৰথমবাৰৰ বাবে বেটছমেন হেনৰী নিকোলছেও দলত স্থান লাভ কৰিছে।

মন কৰিবলগীয়া যে এই দুয়োখন টেষ্ট মেচ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰৰ অংশ নহ’ব।

নিউজিলেণ্ডৰ টেষ্ট দল : টম লেথাম (অধিনায়ক), টম ব্লুণ্ডেল, ডেভন কনৱে, জেকব ডাফী, মেট ফিচাৰ, মেট হেনৰী, ডেৰিল মিচেল, হেনৰী নিকোলছ, উইল অ’ৰ’ৰ্ক, এজাজ পেটেল, গ্লেন ফিলিপছ, ৰাচিন ৰবিন্দ্ৰ, মিচ ছাণ্টনাৰ, নাথান স্মিথ, উইল ইয়ং।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande