গোলাঘাট, ০৬ জুলাই (হি.স.)। দেৰগাঁও ফেটাবস্তিৰ পৰা সন্ধানহীন ৰুকচানা বেগম নামৰ এগৰাকী বোৱাৰী। দেৰগাঁত নিৰবিচিন্ন ভাৱে সংঘটিত হৈছে বোৱাৰী নিৰুদ্দেশৰ দৰে ঘটনা। দেৰগাঁৱৰ পৰা কেইবাগৰাকীও বোৱাৰী চলিত মাহতে সন্ধানহীন হৈছে।
দেৰগাঁও ফেটা বস্তিৰ বিতুল আলিৰ পত্নী ৰুকচানা বেগম আজি ৫ দিনৰ পৰা সন্ধানহীন হৈছে। স্বামী আৰু পৰিয়ালে বিভিন্ন স্থানত বিচাৰকোচাৰ কৰিও কোনো সুত্ৰপাত লাভ কৰা নাই। উপায়ন্তৰ হৈ দুৰ্ভগীয়া পৰিয়াটোৱে দেৰগাঁও আৰক্ষীৰ কাষ চাপে। নিৰুদ্দিষ্ট মহিলাগৰাকীৰ বয়স প্ৰায় ২৯ বছৰ , উচ্চতা প্ৰায় ৫ ফুট , বৰণ মিঠাবৰণীয়া , লগত আছে তেওঁৰ ৫ বছৰীয়া কনমানি সন্তান ৰুহেনা বেগম।বোৱাৰী আৰু নাতিনীক বিচাৰি হাবাথুৰি খাইছে পৰিয়ালটোৱে। কোনো সদাশয় লোকে যদি সন্ধান পাই উক্ত নম্বৰত যোগাযোগ কৰিব : 8724096437 /9365323895৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ