বিশিষ্ট শিক্ষাবিদ, ‘জাগ্ৰত বিবেক’ উদয়াদিত্য ভৰালীৰ বিয়োগত শোকপ্ৰকাশ অসম জাতীয় পৰিষদৰ
সাহস, সততা, নিষ্ঠা আৰু বৌদ্ধিক প্ৰমূল্যৰ প্ৰতিভূ আছিল উদয়াদিত্য ভৰালী: লুৰীণজ্যোতি গগৈ গুৱাহাটী, ০৬ জুলাই (হি.স.)। অসমত আধুনিক ইতিহাস গৱেষণাৰ অগ্ৰগণ্য ব্যক্তিত্ব তথা গণতান্ত্ৰিক সংগ্ৰামৰ আগৰণুৱা, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ বিয়োগত গ
বিশিষ্ট শিক্ষাবিদ, ‘জাগ্ৰত বিবেক’ উদয়াদিত্য ভৰালীৰ বিয়োগত শোকপ্ৰকাশ অসম জাতীয় পৰিষদৰ


সাহস, সততা, নিষ্ঠা আৰু বৌদ্ধিক প্ৰমূল্যৰ প্ৰতিভূ আছিল উদয়াদিত্য ভৰালী: লুৰীণজ্যোতি গগৈ

গুৱাহাটী, ০৬ জুলাই (হি.স.)। অসমত আধুনিক ইতিহাস গৱেষণাৰ অগ্ৰগণ্য ব্যক্তিত্ব তথা গণতান্ত্ৰিক সংগ্ৰামৰ আগৰণুৱা, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘অসমত আধুনিক ইতিহাস গৱেষণাৰ অন্যতম অগ্ৰগণ্য ব্যক্তিত্ব তথা ‘ৰূপান্তৰৰ ৰণুৱা’, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ, পণ্ডিত উদয়াদিত্য ভৰালী দেৱৰ মহাপ্ৰয়াণত আমি মৰ্মাহত হৈছোঁ।

অসমীয়া মানুহৰ হৈ উদাত্ত কণ্ঠ আৰু তীক্ষ্ণ কলমেৰে তেখেতে জাতিটোক পথৰ সন্ধান দিছিল৷ অসমৰ জাতীয় জীৱনৰ সৈতে জড়িত বিষয় প্ৰসংগত তেখেতৰ বস্তুনিষ্ঠ বিশ্লেষণ আৰু প্ৰণালীবদ্ধ অধ্যয়নত আমি সমাজৰ প্ৰতি থকা তেখেতৰ দায়িত্ববোধ আৰু অসমীয়া মানুহৰ প্ৰতি থকা শুভংকৰ চেতনাৰ উমান পাইছিলোঁ।’’

গগৈ আৰু ভূঞাই লগতে কয়, ‘‘সমাজবাদী আদৰ্শ, চিন্তা আৰু গণতান্ত্ৰিক চেতনাৰে উদয়াদিত্য ভৰালী দেৱে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোক পূৰ্ণতা প্ৰদান কৰি আহিছিল। সাহস, সততা, নিষ্ঠা আৰু বৌদ্ধিক প্ৰমূল্যৰ প্ৰতিভূ আছিল উদয়াদিত্য ভৰালী।’’ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘যদিও ছাৰৰ প্ৰত্যক্ষ ছাত্ৰ হোৱাৰ সৌভাগ্য নহ’ল, তথাপি ছাৰ আছিল আমাৰ চিৰশ্ৰদ্ধেয়৷ সমাজ বীক্ষাৰ উপৰি সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰখনতো ছাৰৰ অৱদান স্মৰণীয়। ‘বেইমানৰ ঠিকনাৰ সন্ধান’ৰ দৰে শক্তিশালী গল্প সংকলনেৰে তেখেতে অসমীয়া সাহিত্যলৈও অৰিহণা আগবঢ়াই গৈছে। ভৰালী দেৱৰ গল্প অসমীয়া গল্প সাহিত্যৰ বিষয়-বৈচিত্ৰ্যৰ উল্লেখযোগ্য উদাহৰণ৷’

গগৈ আৰু ভূঞাই লগতে কয়, ‘‘গভীৰ সামাজিক বোধসম্পন্ন উদয়াদিত্য ভৰালী দেৱ আছিল অসমীয়া অসমৰ সমাজ জীৱনৰ অভিভাৱকসকলৰ অন্যতম। অসমবাসীক বৌদ্ধিকভাৱে প্ৰবুদ্ধ কৰি ৰখা বৰেণ্য চিন্তানায়কগৰাকীৰ বিয়োগ অসমৰ জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি। তেখেতলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ৷ লগত, শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ যাচিছোঁ সমবেদনা৷ অসমবাসীয়ে তেখেতৰ চিন্তাক যুগে-যুগে মৰ্যাদা দি যাব বুলি আমাৰ বিশ্বাস।’’

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande