গুৱাহাটী, ০৬ জুলাই (হি.স.)। বডোলেণ্ড আঞ্চলিক পৰিষদ (বিটিআৰ)ত ভাষিক অন্তৰ্ভুক্তিৰ প্ৰসাৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকাশন উন্মোচন কৰে।
মূলতঃ বডোলেণ্ড স্পেকছ ফ্ৰম ভাৰ্চন টু একচন শীৰ্ষক এখন নথি উন্মোচন কৰা হয়, য'ত বড'লেণ্ডৰ উন্নয়নৰ কাঠামো, আকাংক্ষা আৰু কৌশলগত চিন্তাধাৰাৰ ৰূপৰেখা দাঙি ধৰা হয়। ইয়াৰ লগতে কমিউনিকেচন ব্ৰিজ (যোগাযোগ দলং) শীৰ্ষক ৬০০ পৃষ্ঠাৰ বহুভাষিক অভিধানো মুকলি কৰা হয়, য'ত বিটিআৰত কথিত ১৮টা ভাষাত ১০০১টা গুৰুত্বপূৰ্ণ শব্দ আৰু বাক্যাংশৰ অনুবাদ কৰা হৈছে। এই প্ৰচেষ্টাৰ লক্ষ্য হৈছে পাৰস্পৰিক আলোচনাৰ সুবিধা প্ৰদান কৰা আৰু ভাষিক বৈচিত্ৰ্যক সন্মান কৰা।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে “ট্ৰান্সফৰ্মিং বডোলেণ্ড-লুকিং উইডিন মাই ৰিফ্লেকচনচ” (Transforming Bodoland – Looking Within My Reflections) শীৰ্ষক বাৰ্ষিক প্ৰতিবেদনো প্ৰকাশ কৰে, য’ত বডোলেণ্ড অঞ্চলত এতিয়ালৈকে হোৱা অগ্ৰগতি, চলি থকা প্ৰকল্প আৰু ভৱিষ্যতৰ কাৰ্য্য পৰিকল্পনাৰ চমু বিৱৰণ দিয়া হৈছে।
এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ ১৮টা ভাষিক সম্প্ৰদায়ৰ বিশিষ্ট প্ৰতিনিধিকো সম্বৰ্ধনা জনোৱাৰ লগতে সাংস্কৃতিক সম্প্ৰীতি আৰু ঐক্য বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ বাবে শলাগ লয়।
সভাত ভাষণ দি ড০ শৰ্মাই কয় যে ভাষিক অন্তৰ্ভুক্তি আৰু আলোচনা হৈছে বডোলেণ্ডৰ প্ৰগতিৰ মৌলিক ভেটি। তেওঁ কয়, “এই প্ৰকাশনসমূহ কেৱল নথিপত্ৰ নহয়, কিন্তু ইয়াৰ দ্বাৰা বড’লেণ্ডৰ পৰিচয় যিটো ভাগ কৰা মনোভাৱ আৰু সাংস্কৃতিক সমৃদ্ধি প্ৰতিফলিত হয়।”
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া