নতুন দিল্লী, ০৬ জুলাই (হি.স.)। ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে চতুৰ্থখন যুৱ এদিনীয়া মেচত ১৪৩ ৰানৰ অভিলেখ ভংগকাৰী ইনিংছ খেলা বৈভৱ সূৰ্য্যবংশীয়ে নিজৰ পৰৱৰ্তী লক্ষ্যৰ বিষয়ে প্ৰকাশ কৰিছে। পৰৱৰ্তী মেচত ২০০ ৰান কৰিবলৈ চেষ্টা কৰিব বুলিও কৈছে।
ভাৰতীয় ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলৰ যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ যুৱ এদিনীয়া শৃংখলাৰ চতুৰ্থখন খেলত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। সূৰ্যবংশীয়ে মাত্ৰ ৫২টা বলত শতক সম্পূৰ্ণ কৰি ২০১৩ চনত পাকিস্তানৰ কামৰাণ গুলামে ৫৩টা বলৰ পুৰণি অভিলেখ ভংগ কৰে। যুৱ বেটছমেনগৰাকীয়ে মেচখনত ৭৮টা বলত ১৪৩টা ৰান সংগ্ৰহ কৰি চমকপ্ৰদ ইনিংছ খেলিছিল, য’ত ১৩টা চাৰি আৰু ১০টা ছয় আছিল।
অভিলেখ ভংগ কৰা শতকটোৰ কথা কওঁতে বৈভৱে কয় যে তেওঁৰ পৰৱৰ্তী লক্ষ্য হৈছে দ্বৈত শতক অৰ্জন কৰা। দেওবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত বৈভৱে কয় যে মই নাজানিছিলো যে মই ১০০ ৰান কৰাৰ পিছত অভিলেখ গঢ়িছো বুলি আমাৰ টিম মেনেজাৰ অংকিত ছাৰে মোক জনাইছে।
ভাৰতীয় টেষ্টৰ অধিনায়ক শুভমান গিলৰ পৰা বহু প্ৰেৰণা লাভ কৰিছে বৈভৱ সূৰ্য্যবংশীয়ে। ইংলেণ্ডৰ বিৰুদ্ধে এডগবাষ্টন টেষ্টত গিলে দ্বৈত শতক অৰ্জন কৰাৰ সময়ত বৈভৱ উপস্থিত আছিল। বৈভৱে কয় যে তেওঁৰ পৰা বহু প্ৰেৰণা পাইছিলোঁ, খেলখন চাইছিলো, ১০০ আৰু ২০০ ৰান কৰাৰ পিছতো তেওঁ খেল এৰি যোৱা নাছিল আৰু দলটোক আগুৱাই লৈ গৈছিল।
১৪৩ ৰানত আউট হোৱাৰ সন্দৰ্ভত বৈভৱে কয় যে, মই ইয়াক আৰু দীঘলীয়া কৰিব পাৰিলোহেঁতেন কাৰণ মোৰ হাতত বহু সময় আছিল, ২০ অভাৰ বাকী আছিল। মই মোৰ ইনিংছ দীঘলীয়া কৰিব পাৰিলোহেঁতেন। এটা শ্বট আছিল যিটো মই ১০০ শতাংশ দিব পৰা নাছিলো যাৰ বাবে মই আউট হৈছিলো। বৈভৱ সূৰ্যবংশীয়ে নিজৰ পৰৱৰ্তী টাৰ্গেট সন্দৰ্ভত কয়, পৰৱৰ্তী মেচত ২০০ ৰান সংগ্ৰহ কৰি গোটেই ৫০ অভাৰ খেলিবলৈ চেষ্টা কৰিম। যিমানেই বেছি ৰান সংগ্ৰহ কৰিম সিমানেই দলটোক লাভান্বিত কৰিব, গতিকে পৰৱৰ্তী মেচত মই গোটেই মেচখন খেলিবলৈ চেষ্টা কৰিম, এইটোৱেই মোৰ কেন্দ্ৰবিন্দু হ'ব।
শৃংখলাত উৎকৃষ্ট প্ৰদৰ্শন
ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা পাঁচখন খেলৰ যুৱ এদিনীয়া শৃংখলাত বৈভৱ সূৰ্যবংশী উৎকৃষ্ট ফৰ্মত আছে। চতুৰ্থ এদিনীয়া খেলৰ পূৰ্বে যুৱ বেটছমেনগৰাকীয়ে ৪৮, ৪৫ আৰু ৮৬ ৰান সংগ্ৰহ কৰিছিল। চতুৰ্থখন মেচত ১৪৩ ৰান ইনিংছ কৰি তেওঁ এই পৰ্যন্ত শৃংখলাত মুঠ ৩২২ ৰান সংগ্ৰহ কৰিছে।
এই শৃংখলাৰ কথা ক’বলৈ গ’লে পাঁচখন খেলৰ এই শৃংখলাত ভাৰতীয় দলটোৱে চতুৰ্থখন মেচত জয়লাভ কৰি ৩-১ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া