গ্ৰেনাডা, ০৬ জুলাই (হি.স.)। ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ তিনিখন খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচৰ তৃতীয় দিনাৰ খেলৰ অন্ত পৰিছে। তৃতীয় দিনৰ খেলৰ শেষলৈকে অষ্ট্ৰেলিয়াৰ দলটোৱে ৭টা উইকেট হেৰুৱাই দ্বিতীয় ইনিংছত ২২১ ৰান সংগ্ৰহ কৰিছে। এলেক্স কেৰীয়ে ২৬ ৰান আৰু অধিনায়ক পেট কামিন্সে ৪ ৰান সংগ্ৰহ কৰি ক্ৰীজত আছে। দলটোৰ অগ্ৰগতি ২৫৪ ৰানলৈ বৃদ্ধি পাইছে।
দ্বিতীয় টেষ্টৰ তৃতীয় দিনা অষ্ট্ৰেলিয়াই ২ উইকেটত ১২ ৰান সংগ্ৰহ কৰি আগবাঢ়ি খেলিবলৈ আৰম্ভ কৰে। দিনটোৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াই প্ৰথম আঘাত পাইছিল নাথান লায়নৰ ৰূপত। ৮ ৰান সংগ্ৰহ কৰি আউট হৈছিল লায়ন। ইয়াৰ পিছত কেমেৰন গ্ৰীণ আৰু ষ্টিভ স্মিথে দলটোৰ হৈ অৰ্ধশতকীয় ইনিংছ খেলিছিল। কেমেৰন গ্ৰীনে ১২৩টা বলত ৫টা চাৰিৰ সহায়ত ৫২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে স্মিথে ১১৯টা বলত ৭টা চাৰিৰ সহায়ত ৭১ ৰান আৰু ১১৯টা বলত ৬টা ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও ট্ৰেভিছ হেডে ৬০টা বলত ৩৯ ৰান সংগ্ৰহ কৰে। বিউ ৱেবষ্টাৰে মাত্ৰ ২ ৰানহে কৰিব পাৰিছিল।
এতিয়ালৈকে ৱেষ্ট ইণ্ডিজৰ হৈ দ্বিতীয় ইনিংছত জেডেন ছিলছ, শ্বামাৰ জোচেফ, জাষ্টিন গ্ৰীভছে ২-২ আৰু আলজাৰী জোচেফে এটা উইকেট দখল কৰিছে।
ইয়াৰ পূৰ্বে মেচখনত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ২৮৬ ৰান সংগ্ৰহ কৰিছিল। ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ ২৫৩ ৰানলৈ হ্ৰাস পায়। এইদৰে দ্বিতীয় ইনিংছৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াই ৩৩ ৰানৰ অগ্ৰগতি লাভ কৰে। এতিয়া দ্বিতীয় ইনিংছত ৭টা উইকেট হেৰুৱাই দলটোৱে ২২১ ৰান সংগ্ৰহ কৰাৰ লগে লগে দলটোৰ মুঠ অগ্ৰগতি ২৫৪ ৰানলৈ পৰিণত হৈছে।
উল্লেখযোগ্য যে প্ৰথমখন টেষ্ট মেচত অষ্ট্ৰেলিয়াই ৱেষ্ট ইণ্ডিজক ১৫৯ ৰানত পৰাস্ত কৰিছিল। ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াৰ দলটোৱে শৃংখলাত ১-০ ব্যৱধানত আগবাঢ়ি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া