৮৬.১৮ মিটাৰ থ্ৰ’ৰে নীৰজ চোপ্ৰাৰ এন চি ক্লাছিক ২০২৫ৰ খিতাপ অৰ্জন
বেংগালুৰু, ০৬ জুলাই (হি.স.): ভাৰতৰ ষ্টাৰ জেভেলিন থ্ৰ’ৱাৰ তথা অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই শনিবাৰে বেংগালুৰুৰ শ্ৰী কান্তিৰাভা ষ্টেডিয়ামত এন চি ক্লাছিক ২০২৫ খিতাপ দখল কৰে। তেওঁ ৮৬.১৮ মিটাৰ বেষ্ট থ্ৰ’ লাভ কৰি এক উল্লেখযোগ্য মুহূৰ্ত হিচাপে চিহ্নিত কৰ
৮৬.১৮ মিটাৰ থ্ৰ’ৰে নীৰজ চোপ্ৰাৰ এন চি ক্লাছিক ২০২৫ৰ খিতাপ অৰ্জন


বেংগালুৰু, ০৬ জুলাই (হি.স.): ভাৰতৰ ষ্টাৰ জেভেলিন থ্ৰ’ৱাৰ তথা অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই শনিবাৰে বেংগালুৰুৰ শ্ৰী কান্তিৰাভা ষ্টেডিয়ামত এন চি ক্লাছিক ২০২৫ খিতাপ দখল কৰে। তেওঁ ৮৬.১৮ মিটাৰ বেষ্ট থ্ৰ’ লাভ কৰি এক উল্লেখযোগ্য মুহূৰ্ত হিচাপে চিহ্নিত কৰে । এয়া ভাৰতত অনুষ্ঠিত হোৱা প্ৰথমটো বিশ্ব এথলেটিকছ কন্টিনেণ্টেল ট্যুৰ গোল্ড লেভেল ইভেণ্ট আছিল, য’ত ৭ জন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈকে ধৰি ১২ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছিল।

ফাউল থ্ৰ’ৰে আৰম্ভণি কৰাৰ পাছত নীৰজে দ্বিতীয়টো চেষ্টা ৮২.৯৯ মিটাৰত উপনীত হয়। তৃতীয় ৰাউণ্ডত তেওঁৰ ৮৬.১৮ মিটাৰ বিজয়ী থ্ৰ’ৰ পিছতে ৮৪.০৭ মিটাৰ আৰু ৮২.২২ মিটাৰ থ্ৰ’ কৰে। কেনিয়াৰ জুলিয়াছ য়েগোৱে ৮৪.৫১ মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাৰ ৰমেশ পাথিৰাজে ৮৪.৩৪ মিটাৰত তৃতীয় স্থান লাভ কৰে। ভাৰতৰ শচীন যাদৱে ৮২.৩৩ মিটাৰত চতুৰ্থ স্থান দখল কৰে। লক্ষনীয়ভাৱে জাৰ্মানীৰ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী থমাছ ৰোহলাৰে ৭৫.৮৫ মিটাৰ থ্ৰ’ৰে ১১ নম্বৰ স্থান লাভ কৰে।

নীৰজে জে এছ ডব্লিউ স্প’ৰ্টছ, এ এফ আই, আৰু ৱৰ্ল্ড এথলেটিকছৰ সহযোগত ভাৰতৰ যুৱক-যুৱতীসকলক এথলেটিকছত অনুপ্ৰাণিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই অনুষ্ঠানটো আয়োজন কৰে। নীৰজে এন চি ক্লাছিকক ৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিকছৰ প্ৰচাৰৰ লক্ষ্যৰে এক সপোন বুলি অভিহিত কৰে।

প্ৰতিযোগিতাৰ অন্তত তেওঁ কয়, এন চি ক্লাছিক মোৰ বাবে কেৱল এটা ইভেণ্ট নহয়, বৰঞ্চ এটা সপোন। মই বিচাৰো ভাৰতৰ যুৱক-যুৱতীসকলে ট্ৰেক এণ্ড ফিল্ডত বিশ্বৰ মঞ্চত দেশক প্ৰতিনিধিত্ব কৰক।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande