মৰিগাঁও, ০৬ জুলাই (হি.স.)। লাহৰীঘাটত চুৰি সামগ্ৰী সহ চোৰৰ লগতে চুৰি সামগ্ৰী ক্ৰয় কৰা ব্যক্তিক গ্ৰেপ্তাৰ। লাহৰীঘাট আৰক্ষীয়ে অভিযান চলাই চুৰি হোৱা সামগ্ৰীসহ দুয়োজনকে গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা চোৰটোৰ নাম মেহদী আলম আৰু চুৰি সামগ্ৰী ক্ৰয় কৰা লোক কেইজনৰ নাম মাইনুল হক। লোক দুজনৰ পৰা ৩ খন চিলিং ফেন, ৩ টা মটৰ আৰু এটা বেটাৰী উদ্ধাৰ কৰে।
লাহৰীঘাট বজাৰৰ মফিদুল ইছলাম নামৰ লোক জনৰ দোকানত চুৰি কাণ্ড সংঘটিত হোৱাৰ পাছত ব্যৱসায়ী মফিদুল ইছলামৰ এজাহাৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে অভিযান চলাই চোৰৰ লগতে চুৰি সামগ্ৰীসহ ক্ৰয় কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
হিন্দুস্থান সমাচাৰ / Narayan Kar