চৰকাৰী ভ্ৰমণসূচীৰে কম্বোডিয়া আৰু মালয়েছিয়ালৈ কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা
গুৱাহাটী, ০৬ জুলাই (হি.স.)। সপ্তাহজোৰা চৰকাৰী কাৰ্য্যসূচীৰে ৫ জুলাইৰ পৰা ১১ জুলাইলৈ কম্বোডিয়া আৰু মালয়েছিয়া ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই। এই ভ্ৰমণসূচীৰ অংশস্বৰূপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অহা ৭ আৰু ৮ জুলাইত কম্বো
কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা (ফাইল ফোটো)


গুৱাহাটী, ০৬ জুলাই (হি.স.)। সপ্তাহজোৰা চৰকাৰী কাৰ্য্যসূচীৰে ৫ জুলাইৰ পৰা ১১ জুলাইলৈ কম্বোডিয়া আৰু মালয়েছিয়া ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই। এই ভ্ৰমণসূচীৰ অংশস্বৰূপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অহা ৭ আৰু ৮ জুলাইত কম্বোডিয়াত উপস্থিত থাকি দেশখনৰ জ্যেষ্ঠ নেতৃত্বক সাক্ষাৎ কৰাৰ লগতে আই টি ই চি /আই চি চি আৰৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু কম্বোডিয়াৰ প্ৰবাসী ভাৰতীয়ৰ সৈতে মত বিনিময় কৰিব। তদুপৰি মন্ত্ৰীগৰাকীয়ে কম্বোডিয়াৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহত ভাৰতৰ দ্বাৰা ৰূপায়িত ব্যাপক সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কাৰ্য্যসূচীৰ পৰ্যালোচনা কৰিব, যিবোৰ দুইখন দেশৰ সংস্কৃতিৰ উমৈহতীয়া প্ৰতীক।

উল্লেখ্য যে কম্বোডিয়াৰ সৈতে ভাৰতৰ উৎকৃষ্ট আৰু ঘনিষ্ঠ সম্পৰ্কটো দুইখন দেশৰ সভ্যতাৰ ঐতিহ্য আৰু জনমুখী উন্নয়ন অংশীদাৰীত্বৰ ওপৰত আধাৰিত। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি চৰ্চিত হৈছে। কম্বোডিয়া ভ্ৰমণ সামৰি কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ১০ আৰু ১১ জুলাই আছিয়ান অধ্যক্ষ ৰাষ্ট্ৰ মালয়েছিয়াৰ আমন্ত্ৰণ মৰ্মে ভাৰতক প্ৰতিনিধিত্ব কৰি দেশখনৰ ৰাজধানী কুৱালালামপুৰত উপস্থিত হ’ব। কুৱালালামপুৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আছিয়ান-ভাৰত, ইষ্ট এছিয়া শীৰ্ষ সন্মিলন ( ই এ এছ) আৰু আছিয়ান ৰিজিওনেল ফৰাম (এ আৰ এফ)ৰ ফৰ্মেটত অনুষ্ঠিত হ’বলগীয়া বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে ভাৰত আৰু আছিয়ানৰ মাজত গভীৰ সাংস্কৃতিক আৰু সভ্যতাৰ বান্ধোন আছে। আছিয়ান হৈছে ভাৰতৰ এক্ট ইষ্ট পলিচি আৰু ইণ্ডো পেচিফিক ভিচনৰ মূল আধাৰ। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ জৰিয়তে আছিয়ান কেন্দ্ৰীয় আঞ্চলিক পৰিকাঠামোত ভাৰতৰ গুৰুত্ব আৰু অৱদানক অধিক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিব। বিদেশ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কুৱালালামপুৰত আছিয়ান বৈঠকসমূহৰ সমান্তৰালকৈ অন্য দেশৰ বিদেশ মন্ত্ৰীসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande