কুৰুক্ষেত্ৰত নিৰ্মাণ হ’ব গীতাৰ ১৮টা অধ্যায়ৰ সৈতে সংযোজিত দ্বাৰ
অষ্টকোষী পৰিক্ৰমা পুনৰুজ্জীৱিত হ’ব চণ্ডীগড়, ০৬ জুলাই (হি.স.)। পৱিত্ৰ কুৰুক্ষেত্ৰৰ পৱিত্ৰ ভূমিক নতুন পৰিচয় দিয়াৰ প্ৰয়াস কৰা ৰাজ্য চৰকাৰে ইয়াত গীতাৰ ১৮টা অধ্যায়ৰ আধাৰত দ্বাৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছে। ইয়াৰ উপৰিও গীতাৰ প্ৰতি ভক্ত আৰু পৰ্যটকৰ মোহ ব
কুৰুক্ষেত্ৰৰ প্ৰৱেশ দ্বাৰ


অষ্টকোষী পৰিক্ৰমা পুনৰুজ্জীৱিত হ’ব

চণ্ডীগড়, ০৬ জুলাই (হি.স.)। পৱিত্ৰ কুৰুক্ষেত্ৰৰ পৱিত্ৰ ভূমিক নতুন পৰিচয় দিয়াৰ প্ৰয়াস কৰা ৰাজ্য চৰকাৰে ইয়াত গীতাৰ ১৮টা অধ্যায়ৰ আধাৰত দ্বাৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছে। ইয়াৰ উপৰিও গীতাৰ প্ৰতি ভক্ত আৰু পৰ্যটকৰ মোহ বৃদ্ধিৰ বাবে গীতা অধ্যয়ন, ধ্যান আৰু গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। শেহতীয়াকৈ অনুষ্ঠিত কুৰুক্ষেত্ৰ উন্নয়ন ব’ৰ্ডৰ ৮২ সংখ্যক বৈঠকত লোৱা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ কাম এতিয়া আৰম্ভ হৈছে।

নতুন পৰিকল্পনা অনুসৰি পবিত্ৰ নগৰ কুৰুক্ষেত্ৰত গীতাৰ ১৮টা অধ্যায়ত ১৮খন ভব্য দ্বাৰ নিৰ্মাণ কৰা হ’ব। বৰ্তমান পিপলি গীতা দ্বাৰ আৰু সন্নীহিত সৰোৱৰ সূৰ্য্য দ্বাৰ নিৰ্মাণ কৰা হৈছে। ৰাজ্যপালৰ উপস্থিতিত অনুষ্ঠিত বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী নাইব সিং ছাইনীয়ে কুৰুক্ষেত্ৰ উন্নয়ন ব’ৰ্ডক সকলো দ্বাৰ নিৰ্মাণৰ পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। এই দ্বাৰসমূহ ক’ত নিৰ্মাণ কৰা হ’ব তাতো চিহ্নিত কৰা হ’ব। এই স্থানসমূহৰ ভিতৰত আছে পেহোৱা ৰোড জ্যোতিসৰ, কুৰুক্ষেত্ৰ-কাইথাল মাৰ্গ, ঝান্সা ৰোড আৰু ছেক্টৰ-৩ বাইপাছ আদি বহু ঠাই।

অষ্টকোষী পৰিক্ৰমা পুনৰুজ্জীৱিত কৰাৰ নিৰ্দেশ চৰকাৰে দিছে। কুৰুক্ষেত্ৰৰ বাহ্যিক মহল্লাত অৱস্থিত প্ৰাচীন নাভি কমল মন্দিৰৰ পৰা আৰম্ভ হৈছে অষ্টকোষী পৰিক্ৰমা। এতিয়া পৰিক্ৰমা মাৰ্গ সংস্কাৰ কৰা হ’ব, লগতে ভক্তসকলৰ থাকিবলৈ আশ্ৰয় আৰু খোৱাপানীকে ধৰি অন্যান্য ব্যৱস্থাও কৰা হ’ব। ৪৮ কোছ তীৰ্থ চোৱাচিতা সমিতিৰ অধ্যক্ষ মদন মোহন ছাব্ৰাই এই পৰিকল্পনা নিশ্চিত কৰি কয় যে গীতাৰ ১৮টা অধ্যায়ৰ আধাৰত ১৮খন গীতা দ্বাৰ সংযোজন কৰাৰ লগে লগে ধৰ্মীয় নগৰখনৰ সৌন্দৰ্য্য বৃদ্ধি পাব, লগতে এই দুৱাৰখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব, যাৰ ফলত পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাব। এই পৰিকল্পনাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande