বাৰ্মিংহাম, ০৬ জুলাই (হি.স.)। এডগবাষ্টন টেষ্টৰ চতুৰ্থ দিনটোত টিম ইণ্ডিয়াই বেটিং আৰু বলিং দুয়োটাতে নিজৰ আধিপত্য বজাই ৰাখি ইংলেণ্ডক সম্পূৰ্ণৰূপে বেকফুটত ৰাখিলে। শুভমন গিলে নিজৰ সুন্দৰ বেটিঙেৰে অভিলেখ বুকত নিজৰ নাম পঞ্জীয়ন কৰাৰ বিপৰীতে মহম্মদ চিৰাজ আৰু আকাশদীপৰ বেগী বলৰ ফলত ইংৰাজ বেটছমেনৰ অসুবিধা বৃদ্ধি কৰে। ভাৰতে ৪২৭/৬ ৰানত দ্বিতীয় ইনিংছ ঘোষণা কৰি ইংলেণ্ডৰ সন্মুখত ৬০৮ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দিনটোৰ খেলৰ শেষলৈকে ইংলেণ্ডে ৩ উইকেটত ৭২ ৰান সংগ্ৰহ কৰে।
ভাৰতীয় অধিনায়ক শুভমান গিলে দ্বিতীয় ইনিংছত ১৬১ ৰানৰ সুন্দৰ ইনিংছ খেলিছিল। ১৬২টা বলত ১৩টা চাৰি আৰু ৮টা ছয় কৰে। ইয়াৰ পূৰ্বে তেওঁ প্ৰথম ইনিংছত ২৬৯ ৰান সংগ্ৰহ কৰিছিল। গিল ভাৰতৰ দ্বিতীয়জন বেটছমেন আৰু একেখন টেষ্টতে দ্বৈত শতক আৰু শতক অৰ্জন কৰা বিশ্বৰ নৱম বেটছমেন হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে সুনীল গাভাস্কৰে ভাৰতৰ হৈ এই কৃতিত্ব অৰ্জন কৰিছিল।
এটা উইকেটৰ বিনিময়ত ৬৪ ৰানেৰে দিনটোৰ আৰম্ভণি কৰে ভাৰতে। কৰুণ নাইৰে (২৬ ৰাণ) আকৌ এবাৰ ভাল আৰম্ভণিক ডাঙৰ ইনিংছলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে। কে এল ৰাহুলে সুন্দৰভাৱে ৫৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ঋষভ পন্তই ৫৮ বলত ৬৫ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলিছিল। শেষত ৰবীন্দ্ৰ জাদেজাই ৬৯* ৰান সংগ্ৰহ কৰি দলৰ ইনিংছ শক্তিশালী কৰে। ভাৰতে ৪২৭ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰি ইংলেণ্ডক ৬০৮ ৰানৰ লক্ষ্য দিয়ে।
ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ আৰম্ভণি অতি দুৰ্বল আছিল। মহম্মদ ছিৰাজে জেক ক্ৰ’লিক ৯ (৯) আউট কৰি ভাৰতক প্ৰথমটো ব্ৰেকথ্ৰু প্ৰদান কৰে।
তাৰ পাছত আকাশদীপে প্ৰথমে বেন ডাকেট (২৫)ক সুন্দৰ ইনছুইঙেৰে বোল্ড কৰে। ইয়াৰ পাছত জো ৰুট (৬) আউট কৰি ভাৰতে ভাৰতীয় দলটোক মেচখনত ড্ৰাইভিং ছিটত স্থান দিছিল। কিন্তু অলি পোপ (২৪)* আৰু হেৰী ব্ৰুক (১৫)* ষ্টাম্পলৈকে ক্ৰীজত থাকি ইংলেণ্ডৰ আশা জীয়াই ৰাখিছিল। ইংলেণ্ড এতিয়াও লক্ষ্যৰ পৰা ৫৩৬ ৰান পিছ পৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া