নগাঁও, ০৬ জুলাই (হি.স.)। ৰূপহীহাটৰ ঔঅনাত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰ বেগী চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰিল।
এই দুৰ্ঘটনাত কথমপি ৰক্ষা পৰিল গুৱাহাটী অভিমুখে গৈ থকা ইকোস্পোৰ্ট বাহন খনৰ যাত্ৰীসহ চালক৷ দুৰ্ঘটনাত পতিত হোৱা চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে এ এছ ০১ বি কে ৬৪৪১।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা