দৰাং, ০৬ জুলাই (হি.স.)। দৰং জিলাৰ খাৰুপেটীয়াত নিৰ্মীয়মান আদৰ্শ মহিলা মহাবিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ বু়জ ল'বলৈ দেওবাৰে উপস্হিত হয় ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগু | মহাবিদ্যালয়খনত অহা ১ আগষ্ট পৰা পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়ে ঘোষণা কৰে মন্ত্ৰী ৰনোজ পেগুৱে |
মহাবিদ্যালয়খনত ইতিমধ্যে ৪০০ গৰাকী ছাত্ৰী নামভৰ্তি হোৱা কথাও ক'লে মন্ত্ৰীগৰাকীয়ে |খাৰুপেটীয়াৰ আদৰ্শ মহিলা মহাবিদ্যালয়খনত ছাত্ৰীসকলৰ কাৰণে হোষ্টেল সুবিধাৰ ব্যৱস্হাৰ বিষয়ে প্ৰকাশ কৰে মন্ত্ৰী পেগুৱে | উল্লেখ্য যে মঙলদৈ বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক বসন্ত দাসে আদৰ্শ মহিলা মহাবিদ্যালয়ৰ কাৰণে মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় আৰু এই আদৰ্শ মহিলা মহাবিদ্যালয়খনে মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত বৃহত্তৰ দৰং জিলাত সুনাম কঢ়িয়াই আনিব |
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ