মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলন
বাক্সা, ০৬ জুলাই (হি.স.)। বাক্সা জিলাৰ সদৰ মুছলপুৰ অঞ্চলৰ কেইগৰাকীমান বিদ্যানুৰাগী সমাজকৰ্মীৰ উমৈহতীয়া প্ৰচেষ্টাত। ১৯৫৪ চনতে স্থাপিত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনখন কালিৰেপৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৷ আজি দ্বিতীয়দিনা ক
মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলন


বাক্সা, ০৬ জুলাই (হি.স.)। বাক্সা জিলাৰ সদৰ মুছলপুৰ অঞ্চলৰ কেইগৰাকীমান বিদ্যানুৰাগী সমাজকৰ্মীৰ উমৈহতীয়া প্ৰচেষ্টাত। ১৯৫৪ চনতে স্থাপিত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনখন কালিৰেপৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৷

আজি দ্বিতীয়দিনা কাৰ্যসূচী অনুসৰি উলিওৱা হয় বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা । এই শোভাযাত্ৰাত বিভিন্ন কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে দুই শতাধিক প্ৰাক্তন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । ইয়াৰ পিছতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ'ব । কালিৰ দিশটোত সাত শতাধিক প্ৰাক্তন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে আজি ডেৰ সহস্ৰাধিকে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে প্ৰাক্তন ছাত্ৰ ড° বাপন কলিতাই । সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে দুদিনীয়া কাৰ্যসূচীৰ সমাপ্তি হ'ব বুলিও জানিবলৈ দিয়ে প্ৰাক্তন ছাত্ৰ গৰাকীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande