মেঘালয়ৰ টিকৰিকিলাত সংঘটিত বাছ দুৰ্ঘটনাত চালক সহ ১৩ গৰাকী যাত্ৰী আহত
গোৱালপাৰা, ০৬জুলাই (হি.স.)। মেঘালয়ৰ টিকৰিকিলাত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা,আহত কেইবাগৰাকী যাত্ৰী। শিলিগুৰিৰ পৰা মানকাচৰ অভিমূখে আহি থকা যাত্ৰীবাহী বাছৰ মেঘালয়ৰ টিকৰিকিলাত সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনা। জানিব পৰা মতে শিলিগুৰিৰ পৰা মানকাচৰ অভিমূখে আ
মেঘালয়ৰ টিকৰিকিলাত সংঘটিত বাছ দুৰ্ঘটনাত চালক সহ ১৩ গৰাকী যাত্ৰী আহত


গোৱালপাৰা, ০৬জুলাই (হি.স.)। মেঘালয়ৰ টিকৰিকিলাত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা,আহত কেইবাগৰাকী যাত্ৰী। শিলিগুৰিৰ পৰা মানকাচৰ অভিমূখে আহি থকা যাত্ৰীবাহী বাছৰ মেঘালয়ৰ টিকৰিকিলাত সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনা।

জানিব পৰা মতে শিলিগুৰিৰ পৰা মানকাচৰ অভিমূখে আহি থকা এআৰ ১৬ এ ৬৩৭৭ নম্বৰৰ মন্টু যাত্ৰীবাহী বাছ খনত অত্যাধিক মাল কঢ়িওৱাৰ বাবে মেঘালয়ৰ টিকি্ৰকিলাত বাছৰ ওপৰত থকা মাল কঢ়িওৱা হুড মালসহ বাছৰ পৰা পৰি যায় ফলত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন দুৰ্ঘটনাত পতিত হয়।

ফলত বাছত থকা ১২/১৩ গৰাকী যাত্ৰী আৰু বাছৰ চালক গৰাকী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলিত স্থানীয় ৰাইজৰ লগতে মেঘালয় আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত যাত্ৰী আৰু চালক সকলক চিকিৎসালয়লৈ ভৰ্তি কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande