আগৰতলা, ০৫ জুলাই (হি.স.)। ত্ৰিপুৰা চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ ওলাইছে টিপ্ৰা মথাই। শনিবাৰে সংবাদমেলযোগে টিপ্ৰা মাথাৰ বিধায়ক ৰঞ্জিত দেৱবৰ্মাই এই কথাৰ ইংগিত দিয়ে। তেওঁ কয় যে পূব ত্ৰিপুৰা লোকসভা সমষ্টিৰ সাংসদগৰাকীয়েও একে পথেই অনুসৰণ কৰিব। ৰাজধানীত অৰাজনৈতিক সমাৱেশ আৰু ২০ জুলাইত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পিছতহে সমৰ্থন প্ৰত্যাহাৰ ঘোষণা কৰা হ’ব বুলিও তেওঁ কয়।
প্ৰতিশ্ৰুতি পালন কৰা নাই বিজেপিয়ে। এনে পৰিস্থিতিত টিপ্ৰা মথাৰ দুজন মন্ত্ৰীকে ধৰি ১১জন বিধায়কে চৰকাৰত যোগদান কৰাৰ কোনো লাভ নাই। সাংসদ কৃতি সিং দেৱীয়েও মন্ত্ৰী-বিধায়কৰ সৈতে একেটা পথতে আগবাঢ়িব। শনিবাৰে সংবাদমেলযোগে টিপ্ৰা মাথাৰৰ বিধায়ক ৰঞ্জিত দেৱবৰ্মাই এই কথাৰ ইংগিত দিয়ে।
তেওঁ কয় যে ৰাজধানীত বিভিন্ন বিষয়ত এক সমদলৰ আয়োজন কৰা হ’ব। এই পদযাত্ৰা অৰাজনৈতিক হ’ব। এই পদযাত্ৰাত উপস্থিত থাকিব টিপ্ৰা মথাৰ প্ৰতিষ্ঠাপক প্ৰদ্যোৎ কিশোৰ দেৱবৰ্মন। ইয়াৰ পিছত ২০ জুলাইত দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক আয়োজন কৰা হৈছে। সেই বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৈঠকৰ অন্তত চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
সংবাদমেলত বিধায়ক ৰঞ্জিত দেৱবৰ্মাই কয় যে টিটিএএডিচি পৰিষদৰ দুখন আসন খালী হৈ আছে। এতিয়াও নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। ছমাহৰ ভিতৰত ত্ৰিপাক্ষিক চুক্তি কাৰ্যকৰী হোৱাৰ কথা আছিল যদিও এবছৰ পাৰ হৈ গ’ল। এতিয়ালৈকে ইয়াক কাৰ্যকৰী কৰা হোৱা নাই। গাঁও সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই, সংবিধানৰ ১২৫ সংখ্যক সংশোধনে এডিচিক অধিক ক্ষমতা দিয়াৰ কথা আছিল। একো কৰা হোৱা নাই। এনে পৰিস্থিতিত চৰকাৰৰ লগত থাকি লাভ নাই। সেয়ে এই সিদ্ধান্ত লোৱাৰ দিশত আগবাঢ়িবলৈ আৰম্ভ কৰিছে দলটোৱে। ইয়াৰ বাবে সাজু হৈ আছে দলৰ উচ্চতম মন্ত্ৰী প্ৰদ্যোৎ কিশোৰ দেৱবৰ্মনকে ধৰি সকলো বিধায়ক মন্ত্ৰী। আনকি দলৰ সাংসদ কৃতি সিং দেৱীও সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ সাজু বুলিও তেওঁ কয়।
সংবাদমেলত বিধায়ক ৰঞ্জিত দেৱবৰ্মাইও কয় যে ৰাজ্য চৰকাৰত টিপ্ৰা মথা দলৰ তিনিজন মন্ত্ৰী থকাৰ কথা আছিল। অৱশ্যে এজন কেবিনেট মন্ত্ৰী আৰু এজন ৰাজ্যিক মন্ত্ৰী আছে। ৰাজ্যিক মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়ত অংশীদাৰ দল হিচাপে টিপ্ৰা মথাৰ সৈতে কোনো আলোচনা হোৱা নাছিল। শপত গ্ৰহণৰ আগদিনা নিশা ৯:৩০ বজাত জিলা দণ্ডাধীশৰ জৰিয়তে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া