ভাৰতে সময়সীমাৰ হেঁচাত নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় স্বাৰ্থত কৰে বাৰ্তালাপ: পীযুষ গোৱেল
নতুন দিল্লী, ০৫ জুলাই (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শনিবাৰে কয় যে ভাৰত কোনো সময়সীমাৰ হেঁচাত নপৰে আৰু সদায় নিজৰ কথা দৃঢ়তাৰে আগবঢ়ায়। তেওঁ কংগ্ৰেছক অভিযোগ কৰে যে সংযুক্ত প্ৰগতিশীল মিত্ৰজোঁট (ইউ পি এ) চৰকাৰৰ কাৰ্যকালত
পীযুষ গোৱেল


নতুন দিল্লী, ০৫ জুলাই (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শনিবাৰে কয় যে ভাৰত কোনো সময়সীমাৰ হেঁচাত নপৰে আৰু সদায় নিজৰ কথা দৃঢ়তাৰে আগবঢ়ায়। তেওঁ কংগ্ৰেছক অভিযোগ কৰে যে সংযুক্ত প্ৰগতিশীল মিত্ৰজোঁট (ইউ পি এ) চৰকাৰৰ কাৰ্যকালত কংগ্ৰেছে আলোচনা কৰি এনে চুক্তিত অনুমোদন জনাইছিল যিবোৰ ৰাষ্ট্ৰীয় স্বাৰ্থত নাছিল।

ইয়াত সাংবাদিকৰ সৈতে কথা পাতি পীয়ুষ গোৱালে কয়, ভাৰতে সময়সীমাৰ অধীনত আলোচনা নকৰে। আমি জাতীয় স্বাৰ্থক মনত ৰাখি আলোচনা কৰোঁ। বিশ্বজুৰি আমাৰ সকলো যোগাযোগতে ৰাষ্ট্ৰীয় স্বাৰ্থ সৰ্বোচ্চ। ভাৰত-আমেৰিকাৰ বাণিজ্যিক আলোচনা সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দিয়া বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

সাংবাদিকে সোধা এটা প্ৰশ্নত গোৱেলে কয় যে এয়া ইউ পি এৰ শাসনৰ ভাৰত নহয়, যিয়ে আগতে জাতীয় স্বাৰ্থ অবিহনে আলোচনাৰ বাবে ভিক্ষা খুজিছিল। তেওঁ দাবী কৰে যে ৰাহুল গান্ধীক কোনেও গুৰুত্বসহকাৰে নলয়। ভাৰতবাসীৰ আস্থা হেৰুৱাইছে, ৰাইজে বাৰে বাৰে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। আজিলৈকে তেওঁলোকে দেশৰ উন্নয়নৰ বাবে ইতিবাচক এজেণ্ডা সৃষ্টি কৰিব পৰা নাই।

তেওঁ কয় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ অধীনত ভাৰতে মৰিচাছ, সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই), অষ্ট্ৰেলিয়া আৰু চাৰিখন দেশৰ ই এফ টি এ গোট (ছুইজাৰলেণ্ড, নৰৱে, আইচলেণ্ড আৰু লিচেনষ্টাইন)ৰ সৈতে আৰু শেহতীয়াকৈ ব্ৰিটেইনৰ সৈতে মুক্ত বাণিজ্য চুক্তি (এফ টি এ) স্বাক্ষৰ কৰিছে।

ইয়াৰ পূৰ্বে পীয়ুষ গোৱেলে শুকুৰবাৰে কয় যে ভাৰত আৰু চাৰিখন দেশৰ ইউৰোপীয় ব্লক ইএফটিএৰ মাজত মুক্ত বাণিজ্য চুক্তি অহা কেইমাহমানৰ ভিতৰত বলবৎ হোৱাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande