নতুন প্ৰযুক্তিয়ে সংজ্ঞায়িত কৰিব ভাৰতৰ উন্নয়নৰ কাহিনী : পীযুষ গোৱেল
নতুন দিল্লী, ০৫ জুলাই (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শনিবাৰে কয় যে অনাগত বছৰবোৰত নতুন প্ৰযুক্তিয়ে ভাৰতৰ বৃদ্ধিৰ কাহিনী সংজ্ঞায়িত কৰিব। ভাৰত এতিয়া এনে এখন দেশত পৰিণত হৈছে যিখন দেশ চাকৰি প্ৰত্যাশী নহয়, চাকৰি প্ৰদানকাৰ
আইআইটি মাদ্ৰাছ সংগমত পীযুষ গোৱেল


নতুন দিল্লী, ০৫ জুলাই (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শনিবাৰে কয় যে অনাগত বছৰবোৰত নতুন প্ৰযুক্তিয়ে ভাৰতৰ বৃদ্ধিৰ কাহিনী সংজ্ঞায়িত কৰিব। ভাৰত এতিয়া এনে এখন দেশত পৰিণত হৈছে যিখন দেশ চাকৰি প্ৰত্যাশী নহয়, চাকৰি প্ৰদানকাৰী।

কেন্দ্ৰীয় মন্ত্ৰী গোৱেলে বেংগালুৰুত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ সংগম ২০২৫ কাৰ্যসূচীত ভাষণ দি এই মন্তব্য কৰে। তেওঁ কয়, “আপোনাৰ বিজ্ঞান, আপোনাৰ প্ৰযুক্তি, এই সজীৱ ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ, অনুসন্ধান আৰু বিকাশ আৰু উদ্ভাৱনৰ সৈতে মিলি ভাৰতৰ ভৱিষ্যতৰ বৃদ্ধিৰ কাহিনী গঢ় দিব।”

গোৱেলে কয় যে ভাৰত চাকৰি বিচৰা দেশৰ পৰা চাকৰি দিয়া দেশলৈ ৰূপান্তৰিত হৈছে। ডাঙৰ ডাঙৰ নামেৰে বেংগালুৰুত উপস্থিত থকা ষ্টাৰ্টআপ ইক’চিষ্টেম আমাৰ মুকুটৰ মণি। তেওঁ কয় যে ভাৰত চৰকাৰে প্ৰযুক্তি উদ্যোগ, ষ্টাৰ্টআপ ইক’চিষ্টেমক সম্পূৰ্ণৰূপে সমৰ্থন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আমাৰ মন্ত্ৰালয়ে গৱেষণা আৰু উন্নয়ন আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে এক লাখ কোটি টকাৰ আঁচনিত অনুমোদন জনাইছে।

আমি ২ লাখ কোটি টকাৰ নিয়োগ সৃষ্টিৰ প্ৰৰোচনামূলক আঁচনি আৰু অন্যান্য কাৰ্যসূচী যেনে দক্ষতা বিকাশ, ইন্টাৰশ্বিপ কাৰ্যসূচী আদিৰ সৈতে আহিছো... এইবোৰে ষ্টাৰ্টআপ, প্ৰযুক্তি আৰু উৎপাদনৰ পৰিৱেশ তন্ত্ৰক সহায় কৰিবলৈ প্ৰেৰণা যোগাব বুলিও তেওঁ কয়। ভৱিষ্যতৰ বাবে সাজু ভাৰত গঢ়ি তোলাটোৱেই হৈছে মোডী চৰকাৰৰ বিভিন্ন নীতিগত পদক্ষেপৰ মূল, যিয়ে বিগত দশকত দেশত উদ্ভাৱন আৰু বৃদ্ধিৰ সূচনা কৰি আহিছে বুলিও তেওঁ কয়।

গোৱেলে প্ৰতিষ্ঠানটোৱে অত্যাধুনিক গৱেষণা, উদ্যোগৰ সহযোগিতা, আৰু প্ৰতিভাক লালন-পালন কৰাত গভীৰ মনোনিৱেশ কৰাৰ বাবে প্ৰশংসা কৰে, যিয়ে বিশ্ব প্ৰযুক্তি নেতৃত্বত ভাৰতৰ শক্তিশালী স্থানত অৰিহণা যোগাই আহিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande