নতুন দিল্লী, ০৪ জুলাই (হি.স.)। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি দেশৰ ঐতিহাসিক ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ তিনিওটা ট্ৰফী মুকলি কৰাৰ লগতে ১৩৪ সংখ্যক বৰ্ষত পদাৰ্পন কৰা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভাৰম্ভনিও কৰে৷ এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ইণ্ডিয়ান অইল ডুৰাণ্ড কাপৰ ১৩৪ সংখ্যক সংস্কৰণ এইবাৰ অহা ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ৰাষ্ট্ৰপতিয়ে আজি ফ্লেগ অফ কৰা ট্ৰফী প্ৰতিযোগিতাৰ উদ্বোধনী মেচৰ পূৰ্বে আয়োজক পাচোখন ৰাজ্যলৈ নিয়া হ’ব৷
আজিৰ অনুষ্ঠানত প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান, সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী, বায়ুসেনা মুৰব্বী এয়াৰ মাশ্বৰ্াল অমৰ প্ৰীত সিং আৰু জি অ’ চি ইন চি ইষ্টাৰ্ণ কমাণ্ড তথা ডুৰাণ্ড কাপ আয়োজক সমিতিৰ পৃষ্ঠপোষক লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীৰ লগতে অৰ্জুন বঁটা বিজয়ী ভাৰতীয় ফুটবলাৰ সন্দেশ ঝিংগান উপস্থিত থাকে৷
ট্ৰফী মুকলি কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে ডুৰাণ্ড কাপক ভাৰতীয় ফুটবল ঐতিহ্য আৰু সশস্ত্ৰ বাহিনীৰ ক্ৰীড়া দায়বদ্ধতাৰ জীৱন্ত প্ৰতীক হিচাপে স্বীকাৰ কৰি লগতে কয় ‘ফুটবল লাখ লাখ লোকৰ হৃদয়ত বিশেষ স্থান আছে৷ এয়া কেৱল খেল নহয়, আবেগ-প্ৰেমৰ আত্মিক সম্পৰ্ক৷ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ডুৰাণ্ড কাপৰ আত্মাক জীয়াই ৰাখি নতুন সমাজ আৰু নতুন প্ৰজন্মক উৎসাহিত কৰি আহিছে৷’
ইফালে, জেনেৰেল অনিল চৌহানে কয়, ‘ডুৰাণ্ড কাপ হৈছে সশস্ত্ৰ বাহিনী আৰু আমাৰ জাতিৰ শীৰ্ষস্তৰৰ পৰম্পৰাক প্ৰতিফলিত কৰা বীৰত্ব, অনুশাসন আৰু ঐক্যৰ উত্তৰাধিকাৰ প্ৰতীক৷ ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতিয়ে এই সংস্কৰণৰ ফ্লেগ অফ কৰাত আমি সন্মানিত হৈছো৷’ ইফালে, লেফটেনেণ্ট জেনেৰেল তিৱাৰীয়ে দেশৰ যুৱ ফুটবল প্ৰতিভাৰ বাবে ডুৰাণ্ডৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয় ‘ভাৰতীয় সেনাই সশস্ত্ৰ বাহিনীৰ হৈ পৰিচালিত কৰা ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাতকৈ বহু বেছি দলীয় কাম, অনুশাসন আৰু স্থিতিস্থাপকতাৰ কালজয়ী মূল্যবোধৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মক লালন-পালন কৰাৰ এক আদৰ্শ কৰ্তব্য৷’
উল্লেখ্য যে অসমৰ কোকৰাঝাৰ চহৰে ক্ৰমাগত তৃতীয় বছৰৰ বাবে ডুৰাণ্ড কাপৰ আয়োজক হিচাপে মৰ্যাদা লাভ কৰাৰ বিপৰীতে দুবছৰ পাছত পুনৰ মনিপুৰৰ ইম্ফলত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হ’ব৷ আনহাতে, যোৱা বছৰৰ দৰে ঝাৰখণ্ডৰ জামছেদপুৰ আৰু মেঘালয়ৰ শ্বিলঙক পুনৰ আয়োজক হিচাপে সংযোজন কৰা হৈছে৷ তদুপৰি ২০১৯ চনত দিল্লীৰ পৰা স্থানান্তৰ হোৱা ঐতিহাসিক প্ৰতিযোগিতাখন একেৰাহে ষষ্ঠবাৰৰ বাবে চিটি অব জয় কলকাতাত অনুষ্ঠিত হ’ব৷
পূৰ্বৰ দৰেই এইবাৰো প্ৰতিযোগিতাত মুঠ ২৪ টা দলে অংশগ্ৰহণ কৰিব৷ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে আয়োজন কৰা এই প্ৰতিযোগিতাৰ খেল মুঠ ছটা স্থানত অনুষ্ঠিত হ’ব৷ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগন আৰু কিশোৰ ভাৰতী ক্ৰীড়াংগন৷ ইম্ফলৰ খুমান লম্পক ষ্টেডিয়াম, জামছেদপুৰৰ জে আৰ ডি টাটা স্প’ৰ্টছ কমপ্লেক্স, শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম তথা কোকৰাঝাৰৰ এছ এ আই ষ্টেডিয়ামত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হ’ব৷
উল্লেখ্য যে ভাৰতৰ ফুটবল ইতিহাস আৰু সংস্কৃতিৰ প্ৰতীক ডুৰাণ্ড কাপ এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা৷ ভাৰতীয় সেনাই আয়োজন কৰা ডুৰাণ্ড কাপ ভাৰতৰ শ্ৰেষ্ঠ ফুটবল প্ৰতিভাৰ প্ৰজনন ক্ষেত্ৰৰূপে পৰিগনিত হৈ আহিছে৷ ১৮৮৮ চনত ছিমলাত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হৈছিল৷ ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয়৷
ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা কথাটো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী লাভ কৰে৷ দুটা অস্থায়ী [ডুৰাণ্ড কাপ আৰু ছিমলা ট্ৰফী] আৰু এটা স্থায়ীভাৱে ধৰি ৰখাৰ বাবে ৰাষ্ট্ৰপতি কাপ৷ যোৱা বছৰ ৰোমাঞ্চকৰ ফাইনেলত সৰ্বোচ্ছ খিতাপ দখলকাৰী মোহন বাগানক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চেম্পিয়ন হোৱাৰ ঐতিহাসিক গৌৰৱ লাভ কৰিছিল৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী