চিইউইটি (স্নাতক) ২০২৫ৰ ফলাফল ঘোষণা, মাত্ৰ ১ জন ছাত্ৰৰ ৪ টা বিষয়ত ১০০ শতাংশ নম্বৰ লাভ
নতুন দিল্লী, ০৪ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ই শুকুৰবাৰে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট (চিইউইটি-ইউজি) ২০২৫ৰ ফলাফল ঘোষণা কৰে। এন টি এৰ তথ্য অনুসৰি এইবাৰ পৰীক্ষাত মুঠ ১৩,৫৪,৬৯৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছিল, ইয়াৰে ১০,৭১
চিইউইটি (স্নাতক) ২০২৫ৰ ফলাফল ঘোষণা, মাত্ৰ ১ জন ছাত্ৰৰ ৪ টা বিষয়ত ১০০ শতাংশ নম্বৰ লাভ


নতুন দিল্লী, ০৪ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ই শুকুৰবাৰে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট (চিইউইটি-ইউজি) ২০২৫ৰ ফলাফল ঘোষণা কৰে।

এন টি এৰ তথ্য অনুসৰি এইবাৰ পৰীক্ষাত মুঠ ১৩,৫৪,৬৯৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছিল, ইয়াৰে ১০,৭১,৭৩৫ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষাত অৱতীৰ্ণ হোৱা ১০,৭১,৭৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আছে ৫,২৩,৯৮৮ গৰাকী মহিলা, ৫,৪৭,৭৪৪ গৰাকী পুৰুষ আৰু ৩ গৰাকী তৃতীয় লিংগৰ পৰীক্ষাৰ্থী। কম্পিউটাৰ ভিত্তিক পৰীক্ষাটো ১৩ মে’ৰ পৰা ৪ জুনলৈ অনুষ্ঠিত হৈছিল। ঘোষিত ফলাফল অনুসৰি তেওঁ বাছি লোৱা পাঁচটা বিষয়ৰ ভিতৰত চাৰিটা বিষয়ত মাত্ৰ এজন ছাত্ৰই ১০০ শতাংশ নম্বৰ লাভ কৰিছিল। আনহাতে ১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তিনিটা বিষয়ত ১০০ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰীতে ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দুটা বিষয়ত ১০০ শতাংশ আৰু ২৬৭৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এটা বিষয়ত ১০০ শতাংশ নম্বৰ লাভ কৰে।

চিইউইটি ইউজি ২০২৫ ৰ বাবে এনটিএৰ আনুষ্ঠানিক তালিকা প্ৰকাশ কৰা নাই। বৰঞ্চ তেওঁলোকৰ স্ক’ৰকাৰ্ডৰ জৰিয়তে প্ৰাৰ্থীসকলৰ বাবে ব্যক্তিগত নম্বৰ উপলব্ধ কৰা হৈছে। এন টি এয়ে চিইউইটি ইউজি ২০২৫ৰ পাঁচটা বিষয়ত সৰ্বোচ্চ এন টি এ নম্বৰ পোৱা শীৰ্ষ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক ঘোষণা কৰিছে, পৰীক্ষাত সৰ্বোত্তম প্ৰদৰ্শনকাৰীৰ আবেদন নম্বৰ আৰু নম্বৰ ভাগ কৰি। পাঁচটা বিষয়ত সৰ্বোচ্চ মুঠ নম্বৰ ১২২৫.৯৩। ইয়াৰ পিছত আন ছাত্ৰ-ছাত্ৰীৰ নম্বৰ ১২১০.১০ৰ পৰা ১১৭৬.৪৪লৈকে। সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু অন্যান্য অংশীদাৰ শিক্ষানুষ্ঠানসমূহত স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে শিক্ষা মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি অনুষ্ঠিত কৰা হয়।

চিইউইটি ( ইউজি) ২০২৫ য়ে দেশৰ দূৰৱৰ্তী আৰু গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ৰাজ্যিক বিশ্ববিদ্যালয়, ব্যক্তিগত আৰু স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে এক সমতাপূৰ্ণ খেলপথাৰ প্ৰদান কৰিছিল। এটা পৰীক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে দেশৰ যিকোনো বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিছিল, যাৰ ফলত উচ্চ শিক্ষাৰ সুবিধা সহজ হৈ পৰিছিল।

ছাত্ৰ-ছাত্ৰীসকলক মুঠ ৩৭টা বিষয় (১৩টা ভাষা, ২৩টা বিষয়-নিৰ্দিষ্ট আৰু এটা সাধাৰণ যোগ্যতা পৰীক্ষা)ৰ পৰা সৰ্বাধিক পাঁচটা বিষয় বাছি লোৱাৰ বিকল্প দিয়া হৈছিল। হিন্দী, ইংৰাজী, বাংলা, অসমীয়া, তামিল, তেলেগু, উৰ্দু, কানাড়া, মালয়ালম, ওদিয়া, গুজৰাটী, পাঞ্জাবী আৰু মাৰাঠীকে ধৰি ১৩টা ভাষাত পৰীক্ষা অনুষ্ঠিত হয়।

দেশৰ ৩০০খন চহৰত চিইউইটি (ইউজি) ২০২৫ অনুষ্ঠিত কৰা হৈছিল, ইয়াৰে ১৫টা কেন্দ্ৰ বিদেশত অৱস্থিত আছিল। ইয়াৰ ভিতৰত আবুধাবি, দোহা, ডুবাই, মিউনিখ, কাঠমাণ্ডু, কুৱালালামপুৰ, কুৱেইট চহৰ, লাগোছ, মানামা, মাস্কাট, ৰিয়াদ, শ্বাৰজাহ, ছিংগাপুৰ, পশ্চিম জাভা আৰু ৱাশ্বিংটন আদি অন্যতম।

এন টি এৰ কাম পৰীক্ষাৰ পৰিকল্পনা, পঞ্জীয়ন, পৰীক্ষা পৰিচালনা, উত্তৰ চাবি মুকলি কৰা, উত্তৰৰ ওপৰত আপত্তি লোৱা, চূড়ান্ত উত্তৰ চাবি প্ৰস্তুত কৰা আৰু ফলাফল ঘোষণা কৰাত সীমাবদ্ধ।

পৰীক্ষাৰ্থীৰ মেৰিট লিষ্ট নিজ নিজ বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰি নামভৰ্তি প্ৰক্ৰিয়া আৰু কাউন্সেলিং বিশ্ববিদ্যালয়ৰ দ্বাৰা কৰা হ’ব।

প্ৰাৰ্থীসকলক এন টি এয়ে নিজৰ নিৰ্বাচিত বিশ্ববিদ্যালয়ৰ ৱেবছাইটত গৈ পৰৱৰ্তী প্ৰক্ৰিয়াৰ বিষয়ে তথ্য লাভ কৰিবলৈ পৰামৰ্শ দিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande