নতুন দিল্লী, ০৪ জুলাই (হি.স.)। স্বামী বিবেকানন্দৰ নিৰ্বাণ দিৱসত ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিজেপিৰ সভাপতি জে পি নড্ডাই আজি এক্সত কয় যে বিশ্বত ভাৰতীয় সংস্কৃতি প্ৰতিষ্ঠা কৰা মহান আধ্যাত্মিক গুৰু তথা যুৱক-যুৱতীসকলৰ প্ৰেৰণাৰ উৎস স্বামী বিবেকানন্দক তেওঁৰ নিৰ্বাণ দিৱসত শ্ৰদ্ধাঞ্জলি জনাইছে।
তেওঁ কয় যে ভাৰতীয় সংস্কৃতিৰ মহিমা আৰু মহত্ত্বৰ বিষয়ে বিশ্ববাসীক সচেতন কৰা স্বামী বিবেকানন্দই যুৱ শক্তিক জাতি গঠনৰ আধাৰ হিচাপে গণ্য কৰিছিল। তেখেতে প্ৰতিষ্ঠা কৰা ৰামকৃষ্ণ মিছনে আজি সমগ্ৰ দেশতে জনসেৱাৰ ক্ষেত্ৰত দৃষ্টান্তমূলক অৱদান আগবঢ়াইছে। তেওঁ কয় যে যুৱক-যুৱতীসকলৰ মাজত চৰিত্ৰ গঠন আৰু জাতি উত্থানৰ মনোভাৱ জাগ্ৰত কৰাত তেওঁৰ অৱদান অবিস্মৰণীয়।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া