সাংস্কৃতিক ভৱন নিৰ্মানৰ নামত আহৰণ কৰা ভুমি ঘুৰাই দিয়াৰ দাবী
ধুবুৰী, ০৪ জুলাই (হি.স.)। সাংস্কৃতিক ভৱনৰ বাবে নিজৰ ভুমি দান কৰি আজি নিজে ভুমিহীন হৈ পৰিছে বিলাসীপাৰা চহৰৰ ৩ নম্বৰ ৱাৰ্ডৰ এটি পৰিয়াল | ১৯৯৪ চনত ময়নামতি সাংস্কৃতিক ভৱন নিৰ্মানৰ নামত ৱাৰ্ডটোত থকা ৫ কঠা মাটি দান কৰিছিল সংগীত শিল্পী পুৰুষোত্তম সিংহই | স
সাংস্কৃতিক ভৱন নিৰ্মানৰ নামত আহৰণ কৰা ভুমি ঘুৰাই দিয়াৰ দাবী


ধুবুৰী, ০৪ জুলাই (হি.স.)। সাংস্কৃতিক ভৱনৰ বাবে নিজৰ ভুমি দান কৰি আজি নিজে ভুমিহীন হৈ পৰিছে বিলাসীপাৰা চহৰৰ ৩ নম্বৰ ৱাৰ্ডৰ এটি পৰিয়াল | ১৯৯৪ চনত ময়নামতি সাংস্কৃতিক ভৱন নিৰ্মানৰ নামত ৱাৰ্ডটোত থকা ৫ কঠা মাটি দান কৰিছিল সংগীত শিল্পী পুৰুষোত্তম সিংহই |

সাংস্কৃতিক ভৱনত কৰ্ম সংস্থাপন দিয়াৰ ভুৱা প্ৰলোভন দি চৰকাৰী ধন শৰাধ কৰাৰ লক্ষৰে তেতিয়াৰ একাংশ ধুৰন্ধৰ লোকে মাটি খিনি ভৱনৰ নামত লৈছিল বুলি পৰিয়ালটিয়ে অভিযোগ তুলিছে |

তেতিয়াৰ দিনত ৰাজকোষৰ লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া সাংস্কৃতিক ভৱনটো ১৯৯৪ চনৰ ২ জানুৱাৰীত শিলান্যাস কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই।

বিগত ৩১ বছৰ পূৰ্বে নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা আব্দুল কৰিম খান, ব্ৰিটিছ চক্ৰৱৰ্তী, উইলি সৰকাৰ আৰু দেৰাজউদ্দিনে আজিও সম্পূৰ্ণ নকৰিলে ভৱনটোৰ নিৰ্মাণ কাৰ্য | সম্প্ৰতি জহি খহি যাবলৈ লোৱা ভৱনটো বন জংঘলে আৱৰি ধৰিছে | গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰয়াত পুৰুষোত্তম সিংহই ভৱনটোৰ নামত দান কৰা মাটিত নহ'ল সাংস্কৃতিক ভৱন তথা নিজৰ মাটি ঘুৰাই নাপালে।

প্ৰয়াত শিল্পী গৰাকীৰ পৰিয়ালে কৰা অভিযোগ মতে দান কৰা ৫ কঠা মাটি তেতিয়াৰ ভৱন পৰিচালনা সমিতিয়ে জোৰপূৰ্বক ভাবে ৮ কঠা লৈ সম্প্ৰসাৰণ কৰি লৈছিল |

অভিযোগ মতে অতি সম্প্ৰতি শিল্পী গৰাকীৰ পৰিয়ালটোই ভুমিহীন লোকৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি দিন যাপন কৰি আহিছে |

বৰ্তমানৰ চৰকাৰক দুৰ্ভগীয়া পৰিয়ালটোৰ কাতৰ আহ্বান হয় সাংস্কৃতিক ভৱন নিৰ্মান কৰক নহ'লে তেওঁলোকৰ ভুমি ঘুৰাই দিয়ক |

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande