ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ৬০ হাজাৰ টকা উৎকোচ লৈ আটক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী
কামৰূপ, ০৪ জুলাই (হি.স.)। ৬০ হাজাৰ টকা উৎকোচ লৈ পানী গুলপীয়া কৰিলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে। ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এগৰাকী লোকৰ পৰা ৬০ হাজাৰ টকাৰ উৎকোচ লওঁতেই হাতে লোকে ধৰা পৰিল ডিম্বেশ্বৰ হালৈ
ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ৬০ হাজাৰ টকা উৎকোচ লৈ আটক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী


কামৰূপ, ০৪ জুলাই (হি.স.)। ৬০ হাজাৰ টকা উৎকোচ লৈ পানী গুলপীয়া কৰিলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে। ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এগৰাকী লোকৰ পৰা ৬০ হাজাৰ টকাৰ উৎকোচ লওঁতেই হাতে লোকে ধৰা পৰিল ডিম্বেশ্বৰ হালৈ নামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজন।

ইতিমধ্যে বন্ধ হৈ পৰিছে ৰঙিয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ কাম-কাজ। মাৰাথন জেৰা অব্যাহত ৰাখিছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ডিম্বেশ্বৰ হালৈক।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande